চীনা আগ্ৰাসনৰ বিৰুদ্ধে সৰব সাংসদক টিকটৰ পৰা বঞ্চিত কৰিলে বিজেপিয়ে

লোকসভাৰ মজিয়াত এজন সৰব সাংসদ৷লোকসভা অধিৱেশনৰ সময়ত সাংসদজনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিয়া ‘তথ্য’ সন্দৰ্ভত পৃথক মতামত প্ৰকাশ কৰে। সাংসদজনে স্পষ্ট ভাষাত অভিযোগ কৰিলে চীনা সেনা এতিয়াও ভাৰতীয় ভূখণ্ড লাডাখত অবৈধ প্ৰবেশ কৰি আছে!

লগতে পঢ়ক: ভগৱান ৰামৰ ছবি থকা প্লেটত বিক্ৰী কৰিছিল চিকেন বিৰিয়ানী : তাৰ পিছত কি হ’ল?

পিছে যোৱা পাঁচ বছৰে চীনৰ আগ্ৰাসনৰ বিৰোধী লাডাখৰ বিদায়ী সাংসদ জামিয়াং শ্বেৰিং নামগিয়ালক বিজেপিক লোকসভাৰ টিকটৰ পৰা বঞ্চিত কৰে৷ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ একমাত্ৰ লোকসভা আসনৰ বাবে বিজেপিয়ে মঙলবাৰে তাছি গ্যালছনৰ নাম ঘোষণা কৰে। তেওঁ বিজেপি নিয়ন্ত্ৰিত স্বায়ত্ত শাসিত লাডাখ পাহাৰ পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া।

লগতে পঢ়ক: বিৰোধী-শূন্য গণতন্ত্ৰ

২০ মে’ত লাডাখ লোকসভাৰ আসনত ভোটদান অনুষ্ঠিত হ’ব। তাত মূল যুঁজখন বিজেপি আৰু ৰাষ্ট্ৰীয় সন্মিলনৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত। লাডাখৰ লেহ উপত্যকাত বৌদ্ধ ধৰ্মৰ সংখ্যাগৰিষ্ঠ যদিও কাৰ্গিলত ছিয়া মুছলমান সংখ্যাগৰিষ্ঠ। লেহত সাংগঠনিকভাৱে শক্তিশালী বিজেপি। কাৰ্গিলত আগবাঢ়িছে বিৰোধী মিত্ৰতা। এই পৰিস্থিতিত শেহতীয়াকৈ লেহ বৌদ্ধ সম্প্ৰদায়ৰ এটা অংশই নামগিয়ালৰ বিৰুদ্ধে আন্দোলন কৰিছে। বিজেপিৰ এক সূত্ৰই জনোৱা মতে, তাৰ বাবেই তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হৈছে।