দলীয় কাৰ্যালয় নিৰ্মাণৰ বাবে বিদ্যালয়ৰ ভূমি অধিগ্ৰহণ কৰিছে বিজেপিয়ে! অভিযোগ কেজৰিৱালৰ
কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ মুৰব্বীগৰাকীৰ অভিযোগ মতে, বিজেপিয়ে নিজ দলৰ নতুন কাৰ্যালয় নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিছে বিদ্যালয়ৰ ভূমি।
আজি দিল্লীৰ পূব বিনোদ নগৰত এখন বিদ্যালয় উদ্বোধন কৰাৰ পিছতে এই বিস্ফোৰক মন্তব্য কৰিছে কেজৰিৱালে। তেওঁ কয় যে, বিজেপিয়ে যদিহে নিজৰ দলীয় কাৰ্যালয় ভাঙি বিদ্যালয় নিৰ্মাণ কৰে, দলটোৰ নাম ইতিহাসত লিপিবদ্ধ হ’ব।
কিন্তু ইয়াৰ পৰিৱৰ্তে দলটোৱে কাৰ্যালয় নিৰ্মাণৰ বাবে বিদ্যালয়ৰ ভূমিহে অধিগ্ৰহণ কৰাটো অত্যন্ত বেদনাদায়ক কৰ্ম বুলি বিজেপিক তীব্ৰ আক্ৰমণ কৰে। লক্ষণীয়ভাৱে, শুকুৰবাৰেও কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ আনিছিল।
দিল্লীৰ দীন দয়াল উপাধ্যায় মাৰ্গত দলৰ নতুন কেন্দ্ৰীয় কাৰ্যালয়ৰ কাষৰ থকা এখন চৰকাৰী বিদ্যালয়ৰ ভূমিত বিজেপিয়ে বেদখল কৰা বুলি অভিযোগ কৰি কেজৰিৱালে শীঘ্ৰেই বিদ্যালয় ভৱনটো বিজেপিয়ে ভাঙি পেলাব বুলি শংকা প্ৰকাশ কৰিছিল।
আনহাতে কেজৰিৱালৰ এই অভিযোগৰ পিছতে বিজেপিয়ে তেওঁক ‘অভ্যাসগত মিছলীয়া’ আখ্যা দি এই অভিযোগ নাকচ কৰিছিল। বিজেপিয়ে দাবী কৰিছিল যে বিদ্যালয় ভৱনটো বহু বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছিল আৰু তাত কোনো বিদ্যালয় চলি থকা নাই।
লগতে এই ভৱনটো কেন্দ্ৰীয় ৰাজহুৱা নিৰ্মাণ বিভাগৰ ভূমিত থকাৰ বাবে ইতিমধ্যে পৌৰ নিগমলৈ দখলীস্বত্ব সন্দৰ্ভত জাননী জাৰি কৰিছিল বুলিও দাবী কৰিছিল বিজেপিয়ে। কেজৰিৱাল আৰু আপৰ নেতাসকলে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু বুলি বিজেপিয়ে অভিযোগ কৰিছিল।