NORTHEAST NOW (Assamese)

কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপিৰ

April 26, 2023 4:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2023 3:03 pm

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।

প্ৰাথমিক খবৰ অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চা আৰু অসম ৰাজ্যিক বিজেপিয়ে ৰাণা গোস্বামীৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰে।

তথ্য অনুসৰি ৰাণা গোস্বামীয়ে বিজেপিত মহিলা সুৰক্ষিত নহয় বুলি প্ৰদান কৰা মন্তব্যক লৈ অভিযোগ দাখিল কৰিছে মহিলা মৰ্চা আৰু অসম ৰাজ্যিক বিজেপিয়ে।

তদুপৰি ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলা সদস্য সকলে বিবাহ বৰ্হিভূত সম্পৰ্ক ৰক্ষা কৰে বুলি কোৱা বুলিও অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিলম্বিত মহিলা সভানেত্ৰী অংকিতা দত্তই কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে উত্থাপন কৰা হাৰাশাস্তিৰ অভিযোগক লৈ কংগ্ৰেছ দল অস্থিৰ হৈ থকাৰ সময়তে ৰাণা গোস্বামীৰ মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

অংকিতা দত্তই অভিযোগ কৰিছিল যে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস ভদ্ৰৱতী ভেংকতাই তেওঁক অহৰহ হাৰাশাস্তি কৰি আহিছে।

ইয়াৰ পূৰ্বে অংকিতা দত্তই থানাত দাখিল কৰা হাৰাশাস্তিৰ গোচৰৰ সন্দৰ্ভত ২৩ এপ্ৰিলত দিছপুৰ আৰক্ষী থানাই ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিক সোধাপোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

Related News