• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনুষ্ঠানিক ঘোষণাহে বাকী : তেজপুৰ, নগাৱঁক বাদ দি বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত

বৰ্তমানৰ ৭জন সাংসদৰ কেৱল দুজনেহে পালে টিকট; গুৱাহাটীত 'নতুন মুখ' কুইন ওজা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2019 6:18 pm
BJP

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰাথিত্ব প্ৰয়াসীৰ পৰম উৎকণ্ঠাৰ অন্ত পেলাই বিজেপিয়ে অসমৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ১০টা সমষ্টিৰ ৮টাৰে প্ৰাৰ্থী চূড়ান্ত কৰিছে। তেজপুৰ আৰু নগাওঁ সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৰ বৰ্তমানৰ ৭জন সাংসদৰ মাত্ৰ ২জনহে এই তালিকাত স্থান পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে ক্ৰমে লখিমপুৰ সমষ্টিৰ প্ৰদান বৰুৱা আৰু ডিব্ৰুগড় সমষ্টিৰ ৰামেশ্বৰ তেলী।

প্ৰাৰ্থিত্ব নোপোৱা ৫গৰাকী সাংসদ হ’ল ক্ৰমে যোৰহাট সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা, মঙলদৈৰ ৰমেন ডেকা, গুৱাহাটীৰ বিজয়া চক্ৰবৰ্তী তেজপুৰৰ ৰামপ্ৰসাদ শৰ্মা আৰু নগাৱঁৰ ৰাজেন গোহাঁই।

ইয়াৰ বিপৰীতে পূৰ্বতে সাংসদ হিচাপে কেতিয়াও প্ৰতিদ্বন্দিতা নকৰা নতুন মুখ দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী তালিকাত।

হাই প্ৰফাইল গুৱাহাটী সমষ্টিত টিকট পাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ তথা অগপৰ পৰা ২০১৪ চনত বিজেপিত যোগদান কৰা কুইন ওজাই।

এই পৰ্য্যন্ত প্ৰাৰ্থিত্ব নিশ্চিত হোৱা প্ৰাৰ্থীকেইজন-

১। গুৱাহাটী : কুইন ওজা (নতুন মুখ)

২। মঙলদৈ : দিলীপ শইকীয়া (ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, নতুন মুখ)

৩। লখিমপুৰ : প্ৰদান বৰুৱা (বৰ্তমানৰ সাংসদ)

৪। ডিব্ৰুগড় : ৰামেশ্বৰ তেলী (বৰ্তমানৰ সাংসদ)

৫। যোৰহাট : তপন গগৈ (বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী)

৬। শিলচৰ : ৰাজদীপ ৰয় (নতুন মুখ)

৭। কৰিমগঞ্জ : কৃপানাথ মাল্লা (বিধানসভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰীৰ বিজেপি বিধায়ক)

৮। স্বায়ত্ত শাসিত জিলা : হৰেন সিং বে’

নগাওঁ : অপেক্ষাৰত

তেজপুৰ : অপেক্ষাৰত

(প্ৰাৰ্থীৰ তালিকখনৰ এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।)

শেহতীয়া খবৰ অনুসৰি নগাওঁ লোকসভা সমষ্টিত যৌন কেলেংকাৰিত অভিযুক্ত হৈ থকা বাবে সাংসদ ৰাজেন গোহাঁয়ে নিজেই প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকা বাবে তেওঁৰ পত্নী ৰীতা গোহাঁইক টিকট দিয়াৰ কথা চৰ্চা হৈছে যদিও ৰীতা গোহাঁইৰ শিক্ষাগত অৰ্হতাক লৈ চিন্তিত বিজেপি নেতৃত্ব। ফলত সমষ্টিটোত এতিয়াও চূড়ান্ত কৰা নাই প্ৰাৰ্থী।

একেদৰে তেজপুৰত হিমন্ত বিশ্বৰ নাম চৰ্চাত আছিল যদিও হিমন্ত বিশ্বয়ো টিকট পোৱাটো নিশ্চিত হোৱা নাই। সাংসদ আৰ পি শৰ্মাই প্ৰধান মন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰই সমষ্টিটোৰ প্ৰাৰ্থী চূড়ান্ত কৰাত আওল লগোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিজেপিয়ে ইয়াৰ মিত্ৰ অগপক বৰপেটা, ধুবুৰী আৰু কলিয়াবৰৰ আসনকেইখন আৰু বি পি এফক কোকৰাঝাৰ সমষ্টি এৰি দিছে।

Recent News

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd