শ্বেৰমান আলীৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে; ক’লে লুৰিনজ্যোতি গগৈয়ে

WhatsApp Image 2022-02-05 at 7.11.37 AM

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে শুকুৰবাৰে অভিযোগ কৰে যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে।

‘’তেওঁলোকে জনসাধাৰণক ধৰ্মীয়ভাৱে বিভাজিত কৰিবলৈ শ্বেৰমান আলীক ব্যৱহাৰ কৰিছে। তেওঁ সময়ে সময়ে ইচ্ছাকৃতভাৱে বিতৰ্কিত মন্তব্য কৰে যিয়ে বিজেপিক লাভান্বিত কৰে,’’-পাঠশালীত লুৰিনজ্যোতি গগৈয়ে এইদৰে কয়।

লুৰিনৰ অভিযোগ, ‘’এনেধৰণৰ আপত্তিজনক মন্তব্য কৰা সত্ত্বেও বিজেপিয়ে তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ লোৱা নাই-সেইটোৱে প্ৰশ্ন। বিজেপিৰ একেদৰে এআইইউডিএফৰ সৈতেও এক ভাল সম্পৰ্ক আছে।‘’  

তেওঁ কয় যে হিন্দু, মুছলমান বা শিখ যাৰ বিৰুদ্ধেই নহওক অজাপ সদায় যিকোনো সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰোধী।

নিলম্বিত কংগ্ৰেছ নেতা তথা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটা জিলাৰ তেওঁৰ গৃহ সমষ্টিত অসম চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল।

বুধবাৰে এটা ভিডিঅ’ত শ্বেৰমানে কোৱা দেখা গৈছিল,’’মই বাচি থকালৈকে কোনেও আপোনালোকক উচ্ছেদ কৰিব নোৱাৰে।‘’

অসম চৰকাৰে বৰদলৈ গাঁওত এক বৃহৎ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ প্ৰসংগত শ্বেৰমানে এনে বক্তৱ্য দাঙি ধৰিছিল।

ভিডিঅ’টোত শ্বেৰমানে কোৱা শুনা গৈছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যত মাত্ৰ পাঁচ বছৰহে শাসনত থাকিব আৰু তাৰ পাছতে উচ্ছেদিতসকলে তেওঁলোকৰ ভূমি পুনৰ দাবী কৰিব পাৰিব।