বিশ্বনাথত ২০৪৩ গৰাকী ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান

ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰসাশনৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত জিলা খনৰ মুঠ ২০৪৩ গৰাকী হিতাধিকাৰীক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান কৰা হয়।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ পৰিদৰ্শক ভৱেন কুমাৰে আঁত ধৰা সভাত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত মুখ্য অতিথি ৰূপে উপস্থিত থাকে।

উক্ত এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েং, বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, হেলেমৰ ৰাজহ চক্ৰ বিষয়া মৃদুল নাথ।

ইয়াৰ উপৰি অসম পন্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাল, মৌজাদাৰ সন্হাৰ সভাপতি- সম্পাদক আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে, এই বছৰত মুঠ ৩৮২৪ জন ভূমিহীনক ভূমিৰ পট্টা বিতৰণ কৰা হৈছে।