আঠুৱা লৈ নাহৰফুটুকী বাঘ ধৰিবলৈ ওলাই আহে বিজেপিৰ নেতা! মধ্যপ্ৰদেশৰ ৰিৱাটৰ ঘটনা। তেওঁ দাবী কৰে যে নাহৰফুটুকীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো বাসিন্দা আহত হৈছে। বনকৰ্মীয়ে তাক নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল। সেয়ে আঠুৱা লৈ নিজে নাহৰফুটুকীটো ধৰিবলৈ ফিল্ডত নামিল। তেওঁৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি ৰিৱাটত এটা নাহৰফুটুকীয়ে সঘনাই আক্ৰমণ চলাই আহিছে। কিন্তু তাক এতিয়াও ধৰিব পৰা নাই। সেইবাবেই প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা শ্যামলাল দ্বিবেদীয়ে আঠুৱাৰে নাহৰফুটুকী ধৰিবলৈ ফিল্ডত নামিছিল।
‘প্ৰশাসনিক ব্যৰ্থতা’ৰ অভিযোগ উত্থাপন কৰি এয়া তেওঁৰ প্ৰতীকী প্ৰতিবাদ বুলি কোৱা হৈছে। দ্বিবেদীয়ে দাবী কৰে যে যোৱা কেইদিনমানত নাহৰফুটুকীৰ আক্ৰমণত ৫জন লোক আহত হৈছে। ইয়াৰে ২ জনৰ অৱস্থা সংকটজনক।
শ্যামলালে জনোৱা মতে, মধ্যপ্ৰদেশৰ ৪ জন আৰু উত্তৰ প্ৰদেশৰ ১ জন লোক আহত হৈছে। এটা নাহৰফুটুকীয়ে গৰু এটাকো আক্ৰমণ কৰে। তাৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো বাসিন্দা আহত হয়। মই জিলা প্ৰশাসনৰ লগত কথা পাতিছো যাতে নাহৰফুটুকীটো শীঘ্ৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু সাধাৰণ জনতাক ভয়ৰ পৰা মুক্ত কৰিব পৰা যায়।
তেওঁ লগতে কয়, ‘অঞ্চলবাসীয়ে ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে। প্ৰয়োজন হ’লে মানুহক আত্মবিশ্বাস প্ৰদান কৰিবলৈ ইয়াত শিবিৰ পাতিবলৈ ইচ্ছুক। এই সন্দৰ্ভত মই জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পাতিছো।
উল্লেখ্য যে যোৱা কেইবাদিন ধৰি বন বিভাগে নাহৰফুটুকীটো ধৰিবলৈ অভিযান চলাই আছে। কিন্তু আকাংক্ষিত সফলতা এতিয়াও অহা নাই। অৱশ্যে নাহৰফুটুকীটোৰ ‘অন্বেষণ অভিযান’ অব্যাহত থকা বুলি বন বিভাগে অৱগত কৰিছে।