ৰাজপথৰ মাজতে সম্ভোগত লিপ্ত! চিচিটিভিৰ ফুটেজ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ বিজেপি নেতা
মাজ নিশা ৰাজপথৰ মাজতে সম্ভোগত লিপ্ত বিজেপি নেতা। এই ঘটনাৰ চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অৱশেষত মধ্যপ্ৰদেশৰ সেই বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু বিজেপিয়ে ব্যক্তিজনক দলীয় সদস্য হিচাপে মানি ল’বলৈ অনিচ্ছুক।
চিচিটিভিৰ ফুটেজ ভাইৰেল হৈ পৰাত এই ব্যক্তিজন বিজেপি নেতা মনোহৰলাল ঢাকৰ বুলি জানিব পৰা গৈছে। মধ্য প্ৰদেশৰ মন্দসৌৰ জিলাৰ বাসিন্দা ধৃত মনোহৰলাল ঢাকৰ। তেওঁৰ পত্নী সোণাই চাও ৱাৰ্ড নং ৩ৰ সদস্য। মন্দসৌৰ জিলা পঞ্চায়তৰ ১২.৮. এই ঘটনা ১৩ মে’ত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত সংঘটিত হৈছিল। পথৰ মাজত বিজেপি নেতা মনোহৰ লালৰ ফুটেজ পোহৰলৈ আহিছে। বগা গাড়ীখনৰ নম্বৰ প্লেটটোও ফুটেজত পৰিলক্ষিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গাড়ীখন অভিযুক্ত বিজেপি নেতাজনৰ নামত পৰিবহণ বিভাগত পঞ্জীয়নভুক্ত।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে অৱশেষত দেওবাৰে গ্ৰেপ্তাৰ হ’ল মনোহৰলাল। থানাৰ তদন্তকাৰী বিষয়া আৰ চি ডাংগীৰ মতে, মনোহৰলালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে। অৱশ্যে তেওঁৰ সৈতে দেখা মহিলাগৰাকীক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আৰক্ষীৰ মতে, আৰু বহু বিষয়ৰ তদন্ত এতিয়াও বাকী আছে। অৱশ্যে ঘটনাৰ আৰম্ভণিৰে পৰাই বিজেপিয়ে মনোহৰ লালৰ পৰা দূৰত্ব বজাই ৰাখিছে। গেৰুৱা শিবিৰৰ নেতৃত্বই দাবী কৰিছে যে মিছড কলৰ সহায়ত দলৰ সদস্যপদ লাভ কৰিব পাৰি, তেনে বিজেপি সদস্যৰ বাবে দল জবাবদিহি নহয় বুলি প্ৰকাশ কৰিছে।