উপ নিৰ্বাচনতো কিয় এই অসহিষ্ণুতা! থাওৰাত অব্যাহত নিৰ্বাচনী হিংসাত্মক কাৰ্য

Thaora violance

বিজেপি কৰ্মীৰ প্ৰহাৰত আহত ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়া। ফটো: নৰ্থইষ্ট নাও।

Violance in Thaora By-election সাধাৰণ নিৰ্বাচনৰ কথা বাদেই, অসমত উপ নিৰ্বাচনতো দেখা গৈছে অসহিষ্ণুতাৰ প্ৰতিফলন। কাইলৈ উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া থাওৰাত অব্যাহ আছে হিংসাত্মক ঘটনা।  

বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ হাতত ঘৰলৈ আহি থকা অৱস্থাত গুৰুতৰভাৱে আহত হৈছে ৰাইজৰ দলৰ সদস্য।

জানিব পৰা মতে ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা নেমুগুৰি পঞ্চায়তৰ চুতীয়া কাটনীত ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়া বৃহস্পতিবাৰে সন্ধিয়া ঘৰলৈ আহি থকা অৱস্থাত ৰঞ্জিত তিখৰীয়াল নামৰ এজন যুৱকে ৰখাই লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

Also Read: Coronavirus India Update দেশত ২৪ ঘন্টাত কৰ’নাত মৃত্যু ৮০৫জনৰ; পুনৰ বৃদ্ধি পাইছে উদ্বেগ

ঘটনাৰ সন্দৰ্ভত সঞ্জীৱ খঙীয়াই বকতা নেমুগুৰি থানাত এজাহাৰ দাখিল কৰিছে।

ইপিনে আক্ৰমণকাৰী ৰঞ্জিত তিখৰীয়া বিজেপি দলৰ সদস্য বুলি জানিব পৰা গৈছে।

উপ নিৰ্বাচনলৈ মাজত মাথোঁ কেইঘন্টামান থকা অৱস্থাত থাওৰাত ইটোৰ পিছত সিটো নিৰ্বাচনী হিংসাত্মক ঘটনাই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

আনহাতে, সমষ্টিটোত নিৰ্বাচনী হিংসা ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱা দেখা গৈছে।