বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকক “জেহাদী” সজোৱা শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা!

"মালিকক লৈ কৰা মন্তব্যক লৈ কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে": শিলাদিত্য

WhatsApp Image 2020-08-08 at 11.37.57 PM

বিধায়ক শিলাদিত্য দেব।

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজি বৌদ্ধিক জেহাদৰে ভৰপূৰ বুলি উল্লেখ কৰি তেওঁক “জেহাদী” সজোৱা বিতৰ্কিত বিধায়ক শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা।

তেওঁ কৰা এটা ফেচবুক পোষ্টত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে।

সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক জেহাদৰ সৈতে তুলনা কৰি বিভিন্ন দল-সংগঠনে হোজাইৰ বিধায়কজনক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছিল।

শেহতীয়াকৈ তেওঁৰে সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে শিলাদিত্যই ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ সকলো স্থিতিৰে সদায় বিৰোধ কৰি যাব বুলি হুংকাৰ দিছিল।

ইমানৰ পাছতো বিতৰ্কিত বিধায়কগৰাকীয়ে ক্ষমা খোজা দূৰৰ কথা ইয়াক লৈ কিছুমানে বিতৰ্কৰ অৱকাশ বিচাৰি পোৱা বুলিহে উল্লেখ কৰে।

শনিবাৰে নিশা প্ৰায় ১০ বজাত কৰা এটা ফেচবুক পোষ্টত তেওঁ লিখি কয়,  “অসমবাসীৰ দৃষ্টিত এজন শ্ৰদ্ধেয় পুৰুষ মালিক ডাঙৰীয়া। মালিক চাহাবৰ ‘আমি অসমীয়া’ নামৰ দীঘল কবিতাটো পঢ়ি আন বহুতৰ দৰেই মোৰ মনতো কেতবোৰ চিন্তা-ভাৱনাৰ উদ্ৰেক হৈ আহিছে সেয়া সত্য। আৰু সেইবাবেই মই মালিক চাহাব সন্দৰ্ভত শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ কোনো কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে।”

 

অৱশ্যে, ক্ষমা খোজাৰ সলনি তেওঁৰ বক্তৱ্যই কষ্ট দিয়াসকলক লৈহে দুখ প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই।

শিলাদিত্যই কয়, “মাত্ৰ এটা কথাকেই কওঁ-যদি মোৰ সেই বক্তব্যই কাৰোবাক কষ্ট দিছে তেন্তে তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। কাকো দুখ দিয়াৰ উদ্দেশ্য নাছিল মোৰ।”

ইপিনে, বিষয়টো ইয়াতে ইতি পেলাবলৈ সংশ্লিষ্ট সকলক আহ্বান জনাই নিজৰ দাম্ভিকতাৰ পৰিচয় দিলে বিতৰ্কিত বিধায়কজনে।

তেওঁ শেষত লিখি কয়, “মোৰ সেই মন্তব্য আছিল একান্ত ব্যক্তিগত আৰু ইয়াৰ সৈতে মোৰ দল তথা চৰকাৰৰ কোনো সম্পৰ্ক নাই সেয়াও স্পষ্ট কৰি দিলোঁ।”