NORTHEAST NOW (Assamese)

নিগাজী হ’ব দিল্লী! ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

September 18, 2021 6:28 pm · এন ই নাও নিউজ
Updated: September 18, 2021 6:43 pm

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাতো প্ৰায় নিশ্চিত হৈছে।

শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিয়ে অসমৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰাৰ্থী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম ঘোষণা কৰিছে।

উল্লেখ্য যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছতে অসমৰ এখন ৰাজ্যসভাৰ আসন খালী হৈছিল।

২০২১ৰ বিধানসভা নিৰ্বাচন পিছত অসমৰ ৰাজনীতিৰ পট পৰিৱৰ্তন হোৱাৰ পিছতে বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিল্লীৰ ৰাজনীতিত পুনৰ সংস্থাপিত কৰিছে।.

সেই অনুসৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু আয়ুস বিভাগৰ দায়িত্ব অপৰ্ণ কৰে।

ইয়াৰ পিছতে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক অসমৰ খালী হৈ থকা আসনখন পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব বুলি চৰ্চা লাভ কৰিছিল।

শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিয়ে উক্ত খালী আসনখনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰাৰ লগে এতিয়া সকলো জল্পনা কল্পনাৰ ওৰ পৰিছে।

Related News