গুৱাহাটীত বিশাল বাইক ৰেলীৰে অন্তিম দিনৰ প্ৰচাৰ অভিযান বিজেপিৰ

57387402_1293118380857386_6452898812724772864_n

মহানগৰীত দেওবাৰে বিজেপিৰ বাইক ৰেলীৰ নেতৃত্বত গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু বিধায়িকা আঙুৰলতা ডেকা। ফটো : ফেচবুক

লোকসভা নিৰ্বাচনৰ অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ শেষৰ দিনটোত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শনেৰে বিজেপিয়ে গুৱাহাটীত এক বিশাল বাইক ৰেলী উলিয়ায়।  অন্তিম পৰ্যায়ৰ প্ৰচাৰত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এই মহা বাইক ৰেলীয়ে মহানগৰীৰ পথ ৰজনজনাই তোলে।

আজি সন্ধিয়া পাঁচ বজাত সামৰণি পৰিবলগীয়া অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে মহানগৰীত এই বিশাল বাইক ৰেলীৰ আয়োজন কৰে।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী পতাকা জোকাৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে।

খানাপাৰাৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী জি এছ ৰোড হৈ ফাঁচিবজাৰ, ভৰলু, গুৱাহাটী উচ্চ ন্যায়ালয়,গুৱাহাটী ক্লাৱ, চান্দমাৰি, জুৰোড, গণেশগুৰি, খ্ৰীষ্টানবস্তি আদি অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। বাইক ৰেলীটো অৱশেষত এছ বি দেওৰা কলেজৰ খেল পথাৰত সামৰণি মৰা হয়।

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই এই বাইক ৰেলীত বিশেষভাৱে অংশ গ্ৰহণ কৰে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে দলৰ বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ স্কুটীৰ পাছত উঠি বাইক ৰেলীটোৰ সন্মুখ ভাগত থাকি প্ৰচাৰ অভিযানত অংশ লয়।

বাইক ৰেলীত অংশ লোৱা নেতা তথা সমৰ্থকসকলে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত শ্ল’গান দিয়ে।