লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি : সভাপতি ৰঞ্জিত দাসৰ মন্তব্যত ক্ষুণ্ণ অগপ

Ranjit-Das

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ অসমত তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল। বৃহস্পতিবাৰৰ পৰা দলটোৱে ইখনৰ পাছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰিছে। দিনৰ ভাগত লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক-বিস্তাৰক, বিধানসভা সমষ্টিৰ বিস্তাৰকসকলক লৈ বৈঠক অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া লোকসভাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হয়।

নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙ উপস্থিত থাকে। এই বৈঠকত লোকসভাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। আনহাতে, নিশাৰ ভাগত অকল নিৰ্বাচনৰ প্ৰসংগক লৈ দলৰ শীৰ্ষ সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিবলৈ চলোৱা প্ৰচেষ্টাই অসমত বিজেপিক ক্ষতিগ্ৰস্ত কৰাৰ শংকাত ভূগিছে দলটো। এই বিষয়ত ৰাইজক কেনেকৈ পতিয়ন নিয়াব পাৰি তাৰ বাবে শুকুৰবাৰৰ সভাকেইখনত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কৌশল সম্পৰ্কেও আলোচনা কৰা হয়।

তদুপৰি বৈঠকত দলৰ সকলো পৰ্যায়ৰ নেতা-কৰ্মীসকলক চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো খেলিমেলি নহয় সেই দিশত বিশেষকৈ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হয়।

আনহাতে, শুকুৰবাৰৰ বৈঠকত অংশগ্ৰহণৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ মিত্ৰ দল অগপক সমালোচনা কৰে।

তদুপৰি, দুদিন পূৰ্বে অগপৰ বিধায়িনী দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰাৰ প্ৰসংগটো সভাপতি দাসে নস্যাৎ কৰে। সভাপতি দাসে সিদিনাখন অগপৰ বিধায়িনী দলে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত কোনো কথাই উত্থাপন কৰা নাছিল বুলি মন্তব্য কৰে।

ইপিনে, বিজেপিৰ সভাপতিগৰাকীৰ এই মন্তব্যত ক্ষুণ্ণ হৈ পৰিছে মিত্ৰ দল অগপ।  এই সন্দৰ্ভত অগপৰ বিধায়ক সত্যব্ৰত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দায়িত্বজ্ঞানহীন মন্তব্য কৰা আৰম্ভ কৰিছে বুলি দাসক উভতি ধৰে।