“বিজেপিশাসিত ৰাজ্যসমূহে অধিক পৰিমাণৰ ক’ভিড ভেকচিন লাভ কৰিছে!”- কোনে ক’লে?

মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টপেই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ ব্যক্ত কৰিছে।

মন্ত্ৰীজনে কয় যে ‘কোভাক্সিন’ আৰু ‘কোভিশ্বিল্ড’ নামৰ চৰকাৰীভাৱে অনুমোদিত ক’ভিড ভেকচিনবিধ কেন্দ্ৰই বৈষম্যমূলকভাৱে বিতৰণ কৰিছে.

এই বৈষম্যৰ বাবে বিজেপিশাসিত ৰাজ্যসমূহে ভেকচিনবিধ অত্যধিক পৰিমাণে লাভ কৰিছে বুলি তেওঁ অভিযোগ কৰে।

তদুপৰি তেওঁ প্ৰাপ্তবয়স্ক সকলো লোকৰ বাবে ভেকচিনেচনৰ সুবিধা প্ৰদান কৰিব লাগে বুলি দাবী কৰিছে।

তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুকেইখন দেশে ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে টিকাকৰণৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ক’ভিড-১৯য়ে তীব্ৰ ৰূপ ধাৰণ কৰা মহাৰাষ্ট্ৰত ক’ভিড ভেকচিন পৰ্যাপ্ত পৰিমাণে নোপোৱাৰ অভিযোগ যোৱাকালি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে নাকচ কৰিছিল।

তাৰপাছতে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীজনে কেন্দ্ৰৰ বিৰুদ্ধে এই অভিযোগ আনিছে।

”আমি প্ৰতি সপ্তাহত ৪০ লাখকৈ ভেকচিনৰ টোপাল বিচাৰিছো।”- তেওঁ কয়।

তেওঁ অভিযোগ কৰে যে প্ৰতি সপ্তাহে বিজেপিশাসিত ৰাজ্য উত্তৰ প্ৰদেশে ৪৮লাখ টোপাল, মধ্যপ্ৰদেশে ৪০ লাখ টোপাল, গুজৰাটে ৩০ লাখ টোপাল আৰু হাৰিয়ানাই ২৪ লাখ টোপাল ক’ভিড ভেকচিন লাভ কৰি আহিছে।

”গুজৰাটত ৬ কোটি লোক আছে, তেওঁলোকে ১ কোটি টোপাল লাভ কৰিছে। আমাৰ ১২ কোটি লোক আছে, আমি ১.০৪ কোটি টোপাল লাভ কৰিছো।”- মন্ত্ৰীজনে তথ্য দাঙি ধৰে।য

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত বৰ্তমান শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ নেতৃত্বাধীন বিজেপিবিৰোধী এম.ভি.এ. মিত্ৰজোট চৰকাৰ চলি আছে।

তেওঁ প্ৰশ্ন কৰে যে মহাৰাষ্ট্ৰত আটাইতকৈ বেছিসংখ্যক ক’ভিড-১৯ কেচ পোৱা গৈছে আৰু ৫৭,০০০ ৰোগীৰ মৃত্যু হৈছে, তেন্তে কিয় ৰাজ্যখনৰ ওপৰত বৈষম্যমূলক পদক্ষেপ লোৱা হৈছে?

এই সম্পৰ্কে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনক অৱগত কৰা বুলিও তেওঁ জনায়।

তেওঁ কয় যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে বিষয়টো সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ স’তে আলোচনাত মিলিত হ’ব বুলি তেওঁক আশ্বাস প্ৰদান কৰিছে।