• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম ৰাজ্যত নিষিদ্ধ ন্যায়! অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ শংকিত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 1:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া সমগ্ৰ দেশতে চলিছে ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ দাবীৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। চাৰিওফালে ৰাম ৰাজ্যৰ সপোন দেখুৱাই জনতাৰ কণ্ঠৰোধ কৰাৰো প্ৰচেষ্টা চলি আছে সমান্তৰালভাৱে। নকলেও চলে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা এতিয়া যেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মপ্ৰতিষ্ঠাৰ অস্ত্ৰহে হৈ পৰিছে। কাৰো কথা শুনিবলৈ যেন  ধৈৰ্য নাই, কাৰো অভিযোগ শুনিবলৈ সাহস নাই আৰু বিৰোধিতা মানেই টেটু চেপাৰ, অসহিষ্ণু হৈ উঠাৰো যেন বিকল্প নাই।

ইতিমধ্যে বিৰোধীক সন্ত্ৰস্ত কৰি ৰখাৰ সকলো উপায় সাজু। কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ নামত বিৰোধীক একপ্ৰকাৰ শংকিত কৰি তোলাৰ চেষ্টা কৰা হৈছে। ধৰ্মৰ নামত দেশৰ জনসাধাৰণক মেৰুকৰণ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টাত কোনো ত্ৰুটি কৰা নাই বিজেপিয়ে। কিন্তু ন্যায় ক’ত?     

অসমত চলি আছে ভাৰত জোড়ো ন্য়ায় যাত্ৰা। দেওবাৰে এই যাত্ৰাত আক্ৰমণ চলোৱা হয়। এই ঘটনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আহত হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দাবী কৰে যে তেওঁৰ গাড়ীতো আক্ৰমণ কৰা হৈছে।

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা। ফটোঃ সংগ্ৰহীত।

অসম কংগ্ৰেছে কৈছে এয়া অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম নিন্দনীয় ঘটনা। হিমন্ত বিশ্বশৰ্মাৰ পোহনীয়া গুণ্ডাই এই আক্ৰমণ সংঘটিত কৰিছে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী যে শংকিত হৈ পৰিছে তাৰেই ইংগিত পোৱা গৈছে।

ভূপেন বৰাই কৈছে, “আজি তেওঁলোকে মোৰ তেজ বোৱালে।মই তেজৰ দাগ লগা কাপোৰখিনি ৰাখি দিছো। এইটোৱে মোক আজিৰ আঘাতৰ কথা মনত পেলাই দিব।‘’

জয়ৰাম ৰমেশে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত লিখিছে, “মোৰ গাড়ীতো আক্ৰমণ কৰা হৈছিল। বিজেপিৰ মানুহে এইটো কৰিছে। গাড়ীৰ সন্মুখৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ষ্টীকাৰ ফালি পেলাইছে। তেওঁলোকে পানীৰ বটল দলিয়াই দিছে, এই যাত্ৰাৰ বিৰুদ্ধে শ্লোগান দিছে। কিন্তু আমি আগবাঢ়ি গৈছো। অসমৰ মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা বন্ধ কৰিব নোৱাৰে। আমি আগবাঢ়ি যাম।”

কিন্তু এই বাৰ্তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই মাথোঁ লিখিছে, “অনুগ্ৰহ কৰি গোচৰ ৰুজু কৰক, অসমৰ ডিজিপিয়ে ইয়াৰ তদন্ত কৰিব।” লক্ষণীয়ভাৱে এই ঘটনা সংঘটিত হোৱা শোণিতপুৰ জিলাত আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা।

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা। ফটোঃ সংগ্ৰহীত।

ঘটনা ইয়াতেই শেষ নহয়, বিজেপিৰ বাহিনীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ বাছখনো আগুচি ধৰি শ্লগান দিয়ে। তেওঁলোকে দৰাচলতে ৰাহুল গান্ধীক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰে। 

পিছত ৰাহুল গান্ধীয়ে কয়, এদল যুৱকে বিজেপিৰ পতাকা লৈ মোৰ বাছখন ৰখাই দিলে। ২০-২৫ জন বিজেপি কৰ্মী আমাৰ বাছৰ সন্মুখত লাঠি লৈ আহিল। মই বাছৰ পৰা নামি যোৱাৰ পিছত তেওঁলোক পলাই গ’ল। তেওঁলোকে ভাবিছিল যে কংগ্ৰেছে বিজেপি আৰু আৰএছএছক ভয় কৰিব। তেওঁলোকে কি সপোন দেখিছে। তেওঁলোকে যিমান বিচাৰে সিমান পোষ্টাৰ, প্লেকাৰ্ড ফালিব পাৰে। আমি কাকো ভয় নকৰো। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা অসমৰ মুখ্যমন্ত্ৰীক ভয় নকৰো।”

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা দিয়াৰ সৰ্বাত্মক প্ৰয়াস চলোৱা হৈছে।  কিন্তু কংগ্ৰেছেও ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি যাত্ৰা আগবঢ়াই নিয়াৰ সংকল্প লৈছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে বিজেপিয়ে ভয় খাইছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ওপৰত আক্ৰমণ চলাইছে। কিন্তু তেওঁ ভয় খোৱা নাই। আমি ব্ৰিটিছক যত ভয় খোৱা নাছিলো, বিজেপিক কিয় ভয় কৰিম। তেওঁ দেশৰ কাৰণে কংগ্ৰেছে কৰা ত্যাগৰ কথাও উনুকিয়ায়। ব্ৰিটিছৰ বিৰুদ্ধে কংগ্ৰেছৰ ত্যাগৰ বিপৰীতে আৰ এছ এছ-হিন্দু মহাসভা, মুছলীম লীগ আদিয়ে ব্ৰিটিছৰ আগত নতঃমস্তক হৈছিল।

তেওঁ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে `হামাৰে বিল্লি হামে মেও ‘। হিমন্ত বিশ্ব কংগ্ৰেছত থাকিয়েই নেতা হোৱাৰ পিছত এতিয়া সেই কংগ্ৰেছকে চকু দেখুৱাবলৈ লৈছে, তেওঁক ভয় খোৱাৰ প্ৰশ্নই নাই।

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা। ফটোঃ সংগ্ৰহীত।

অসমত বিজেপি কৰ্মীয়ে সকলো সীমা অতিক্ৰম কৰি ভাৰত ন্যায় জোড়ো যাত্ৰাৰ বিৰুদ্ধে উঠিপৰি লাগিছে। কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰত্যুত্তৰো দিছে অতি দক্ষতাৰে। বিজেপি কৰ্মীয়ে যেতিয়া তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে, তেতিয়া তেওঁ তেওঁলোকৰ প্ৰতি ফ্লাইং কিচ প্ৰদৰ্শন কৰি প্ৰেমৰ বাৰ্তা দিয়ে। কিন্তু ৰাহুল গান্ধী শংকিত নহৈ গাড়ী ৰখাই ভিৰৰ মাজলৈ নামি যায়। সেই সময়ত তেওঁৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক বাছলৈ উভতি যাবলৈ পৰামৰ্শ দিয়ে।

এইখিনিতে সচেতন পক্ষই কব খোজে যে ৰাহুল গান্ধীয়ে এইক্ষেত্ৰত কিছু সংযম ৰক্ষা কৰা উচিত। কিয়নো বিজেপিৰ উচটনিত তেওঁ এনেদৰে আগ্ৰাসী হৈ নিৰাপত্তা বেষ্টনীৰ বাহিৰলৈ গ’লে পৰিস্থিতি বিপৰীতমুখী হব পাৰে। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী বুলি অভিহিত কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই যাত্ৰাত কোনো নিৰাপত্তা নিদিয়াৰ কথা ঘোষণা কৰিছে। সেইদৰে, বিজেপি বাহিনীয়ে এইদৰে কংগ্ৰেছক প্ৰৰোচিত কৰি পৰিস্থিতি উত্তাল কৰি সাম্প্ৰদায়িক মেৰুকৰণ শক্তিশালী কৰাৰ চেষ্টা চলাই আছে।

বিজেপিয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপনৰ পৰাই দেশত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে জন সাধাৰণক আহ্বান জনাই প্ৰচাৰত নামিছে। এই মুহূৰ্তত বিজেপিৰ একমাত্ৰ লক্ষ্য হৈছে লোকসভা নিৰ্বাচন আৰু তাৰবাবে সৰ্বশক্তিৰে যুঁজত নামিছে। ৰাম মন্দিৰক কেন্দ্ৰ কৰিয়েই বিজেপিয়ে দেশত এক আলোড়ন তোলাৰ চেষ্টা কৰিছে আৰু জনসাধাৰণক মোহগ্ৰস্ত কৰি ৰখাৰ কামত ব্ৰতী হৈছে।

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা। ফটোঃ সংগ্ৰহীত।

এই মুহূৰ্তত বিৰোধী দলৰ বিশেষকৈ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ কাৰ্যসূচীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে আৰু সেইবাবেই কিছু শংকিত হৈ বিজেপিয়ে পৰিৱেশটোক ধৰ্মীয় মেৰুকৰণেৰে নিজৰ পক্ষত নিয়াৰ আপ্ৰাণ চেষ্টা চলাইছে। এইক্ষেত্ৰত বিজেপিৰ একমাত্ৰ লক্ষ্য হৈছে কংগ্ৰেছৰ গণতান্ত্ৰিক কাৰ্যসূচীসমূহত বাধা দিয়া আৰু ইয়াক ৰাষ্ট্ৰ বিৰোধী-হিন্দু বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰি জনসাধাৰণক বিভ্ৰান্ত কৰা।

সেয়েহে, বিজেপিৰ ফান্দত ভৰি নিদি কংগ্ৰেছ তথা বিৰোধীয়ে কেনেকৈ বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক প্ৰতিহত কৰিব পাৰে আৰু গণতন্ত্ৰ তথা সংবিধান ৰক্ষাৰ যাত্ৰাক জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰে সেইটোতে দৃষ্টি কেন্দ্ৰীভুত কৰা উচিত।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

September 11, 2025 1:47 pm
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

September 11, 2025 1:23 pm
আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

September 11, 2025 1:08 pm
সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

September 11, 2025 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

September 11, 2025 1:47 pm
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

September 11, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd