হিন্দু বাংলাদেশী বিষয়টোত বিজেপি অকলশৰীয়া : প্ৰমাণ হ’ল সৰ্বাত্মক বন্ধ আৰু অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীত

Guwahati Bandh

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৪৬টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ত গুৱাহাটী মহানগৰীৰ দৃশ্য। ফটোৰ উৎস ফেচবুক।

আজি ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আৰু চৰকাৰৰ অংশীদাৰ দল অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ সফল ৰূপায়ণে এটা কথা জলজল পটপটকৈ প্ৰমাণ কৰি দিলে যে হিন্দু বাংলাদেশীক সংস্থাপনৰ বিষয়টোত ৰাজ্যত বিজেপি অকলশৰীয়া।

বিশেষকৈ বিজেপিৰ মিত্ৰ দল অগপই কেন্দ্ৰত বিজেপিৰ চৰকাৰখনে আনিবলৈ লোৱা এখন বিধেয়কৰ বিৰুদ্ধে আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাটোৱে বিজেপিৰ নিঃসংগতাক অধিক প্ৰকট কৰিছে।

প্ৰমাণ হোৱা আনটো ডাঙৰ কথা হ’ল- আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পিছতে আহিব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে অসমৰ খিলঞ্জীয়া জনগণ আৰু আঞ্চলিক শক্তিক আজিৰ দৰে ঐক্যবদ্ধ ৰূপত দেখা পালে, হয় অসম বিজেপিয়ে নিজৰ হিন্দুত্বৰ সম্প্ৰসাৰকৰ ভূমিকা এৰিব লাগিব, নহয় বিজেপি নিশ্চিহ্ন হ’ব।

চৰকাৰ যেতিয়া স্বেচ্ছাচাৰী হৈ উঠে, তাৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদৰ গণতান্ত্ৰিক অস্ত্ৰসমূহৰ চূড়ান্ত প্ৰয়োগৰ বাদে উপায় নাথাকে। এই বিচাৰধাৰাৰেই আজিৰ বন্ধটোক বহুতো বন্ধ বিৰোধী লোকেও সমৰ্থন কৰা দেখা গৈছে। ই নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবলৈ চল-কৌশল বিচাৰি ফুৰা চৰকাৰৰ বাবে এটা শক্তিশালী বাৰ্তা। বিধেয়কখন অসমীয়া জাতি-সংস্কৃতিৰ বাবে মাৰাত্মক বুলি সকলো খিলঞ্জীয়া লোকে আৰু তেওঁলোকৰ প্ৰতিনিধিত্বকাৰী দল-সংগঠনে চিঞৰি থকাৰ পিছতো আৰু বহুতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল। ইয়াৰ বাবেই ৪৬টা সংগঠন ঐক্যবদ্ধ হৈ বন্ধ আহ্বান জনাবলৈ বাধ্য হ’ল।

মন কৰিব লগীয়া যে চৰকাৰে আজিৰ দিনটোত শেষ ৰক্ষাৰ বাবে বহুতো কূটকৌশল কৰিও সফল নহ’ল। ভয়-ভাবুকিৰে জনসাধাৰণক কেতিয়াও সেও কৰিব পৰা নাযায়, এয়া তাৰে উদাহৰণ।

অতি চতুৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিগত দিনবোৰৰ মন্তব্যৰ পৰা এটা কথা অনুমেয় যে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত ‘বৰফ গলা’ৰ আশা কৰি আছিল। সেয়ে তেওঁ সদায়ে এটা দ্ব্যৰ্থক মন্তব্য কৰি অহাৰ লগতে দুৰ্বোধ্য স্থিতি প্ৰকাশ কৰি আহিছিল। হিন্দু বাংলাদেশী বিষয়টোত অসমৰ মানুহক আশ্বস্ত কৰাৰ এটা সুযোগৰ অপেক্ষাত থকা যেনো লাগে তেওঁক। বোধহয় সেই সুযোগ তেওঁলৈ কোনো দিনে নাহিব।