খিলঞ্জীয়াৰ অধিকাৰক সুৰক্ষিত কৰিব নাগৰিকত্ব (সংশোধনী) বিধেয়কে : বিজেপিৰ মুখপাত্ৰ

IMG_20190118_112204482

বিজেপিৰ মুখপাত্ৰ আৰু মেডিয়া পেনেলিষ্ট সুভাষ দত্তই আজি ১৮ জানুৱাৰি শুকুৰবাৰে এখন সংবাদমেলত প্ৰকাশ কৰিছে যে অসমৰ ১৬খন জিলাত অবৈধ বাংলাদেশী নাগৰিকেৰে ভৰি পৰিছে। এয়া অসমৰ কাৰণে চিন্তাৰ কাৰণ যে হিন্দু সংখ্যাগৰিষ্ঠ জিলাকেইখনতো এতিয়া হিন্দুসকল সংখ্যালঘূ সম্প্ৰদায়ত পৰিণত হৈছে।

তেওঁ কৈছে যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ই অসমৰ খিলঞ্জীয়া লোকসকলক নিৰাপত্তা প্ৰদান কৰিব।  কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহে এই বিধেয়কখনৰ বিষয়ে অপপ্ৰচাৰ চলাই আছে। বাঁওপন্থী আৰু কগ্ৰেছ দলে এটা নিহিত উদ্দেশ্যে এই অপপ্ৰচাৰ চলাইছে বুলি দত্তই কয়।

অৱশ্যে দত্তই কৈছে যে ঐতিহাসিক অসম চুক্তিৰ দফা-৬ কাৰ্যকৰী কৰাৰ বাবে বিজেপিয়ে সৰ্বস্তৰৰ জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰে। তেওঁ কয় যে  অসম চুক্তিৰ দফা-৬ কাৰ্যকৰী কৰিলে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব।

সংবাদমেলত দত্তই কংগ্ৰেছ দলক চোকা সমালোচনা কৰি কয় যে দলটোৰ শাসন কালত কংগ্ৰেছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

তেওঁ আৰু কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰে। ‘‘ৰাজ্যখনৰ বাবে জনসাধাৰণৰ উন্নয়নৰ কাম কৰিবলৈ  আমাৰ চৰকাৰ বদ্ধপৰিকৰ। ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে জনজাতি বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰা হৈছে। অতি সোনকালে উক্ত ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা হ’ব।’’ বিজেপিৰ মুখপাত্ৰজনে কয়।

উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে ৬টা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে এই বিধেয়কখন অতি শীঘ্ৰেই সংসদত পস্থাপন কৰা হ’ব।

অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সম্পৰ্কে দত্তই কয় যে মহন্তই তেওঁৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যকালত খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিয়াত মহন্ত ব্যৰ্থ হৈছে। কিন্তু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা হ’ব।