শিলাদিত্য দেবৰ বিৰুদ্ধে সংসদীয় ব’ৰ্ডত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ অভিযোগ

Siladitya-570x320-750x375

দলৰ ৰোষত বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

বিজেপিৰ বিধায়ক শিলাদিত্য দেব দলটোৰ বাবে সমস্যা হৈ উঠিছে। বিভিন্ন সময়ত উচটনিমূলক মন্তব্য দি বিধায়কগৰাকীয়ে এতিয়া নিজৰেই বিপদ মাতি আনিছে।

বিধায়কগৰাকীৰ প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সৰ্বোচ্চ কমিটী ‘সংসদীয় ব’ৰ্ডত অভিযোগ দাখিল কৰিছে। হোজাইৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে দাসে লিখিত আকাৰত অভিযোগ-পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

বিধায়ক শিলাদিত্য দেবে বিভিন্ন সময়ত কৰি অহা মন্তব্যসমূহে দলৰ ক্ষতি কৰাৰ অভিযোগ আনি সভাপতি দাসে উক্ত পত্ৰ প্ৰেৰণ কৰে।

আনহাতে, বিধায়ক শিলাদিত্য দেবৰ প্ৰৰোচনামূলক মন্তব্যত ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন অতিষ্ঠ হৈ বিধায়ক দেবৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰি আহিছিল। বিধায়কজনৰ মন্তব্যত অসমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱালৈ চাই উপায়ান্তৰ হৈ দলে সংসদীয় ব’ৰ্ডলৈ অভিযোগ-পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে বিভ্ৰান্তিকৰ আৰু দলৰ ক্ষতি হোৱা মন্তব্য কৰাৰ বাবে সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধেও ৰাজ্যিক বিজেপিয়ে সংসদীয় ব’ৰ্ডত অভিযোগ দাখিল কৰিছিল।

উল্লেখযোগ্য যে সংসদীয় ব’ৰ্ডৰ অধ্যক্ষ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। তদুপৰি, এই ব’ৰ্ডত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দলৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা। এতিয়া ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ অভিযোগ-পত্ৰৰ সন্দৰ্ভত দলৰ সংসদীয় ব’ৰ্ডে কি সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হৈ পৰিছে।

ইপিনে, প্ৰৰোচনামূলক মন্তব্য দিয়া বিধায়ক শিলাদিত্য দেৱ, প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰ, প্ৰদীপ দত্ত ৰয়, সুকুমাৰ বিশ্বাস আৰু সুজিত সৰকাৰৰ বিৰুদ্ধে শনিবাৰে নলবাৰী সদৰ থানাত নলবাৰী জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভাপতি অনুপ ভট্ট আৰু সম্পাদক যোগেশ ডেকাই গোচৰ দিয়ে। তেওঁলোকে এই পাঁচজন নেতাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী তুলিছে। অৱশ্যে ইয়াৰ মাজতে শনিবাৰে সুজিত সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।