• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই ভি এমৰ খেল নেখেলিলে বিজেপিৰ পতন নিশ্চিত কৰিব অসমৰ ৰাইজে : প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2019 7:11 am
Mira Borthakur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“জনতাৰ প্ৰত্যেকটো আন্দোলন বিজেপিয়ে নস্যাৎ কৰিব বিচাৰিছে। গতিকে আগন্তুক নিৰ্বাচনত জনসাধাৰণে নস্যাৎ কৰিব তেওঁলোকক, অৱশ্যে যদিহে ই ভি এমৰ খেল নেখেলে দলটোৱে”, নৰ্থ-ইষ্ট উইমেন ফ্ৰণ্টৰ সাধাৰণ সম্পাদিকা তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী মীৰা বৰঠাকুৰে আজি এই মন্তব্য কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত।

১২ ফেব্ৰুৱাৰিত দীঘলীপুখুৰী পাৰত নৰ্থ-ইষ্ট উইমেন ফ্ৰণ্ট আৰু যুঁজাৰু দি ফাইটাৰ্ছৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি দলৰ পৰা বহিষ্কৃত হোৱা নেত্ৰীগৰাকীয়ে ধৰ্মঘট কাৰ্য্যসূচীটোৰ মাজতে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে।

সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈও আৰ এছ এছৰ কথাত উঠা-বহা কৰিছে বুলি মন্তব্য কৰি বৰঠাকুৰে লগতে কয় ‘তেওঁৰ কলংকিত অধ্যায় ইতিহাসৰ পৃষ্ঠাত ক’লা চিঞাহিৰে লিখা থাকিব।‘

আনহাতে, সৰ্বানন্দ সোণোৱাল বৰ্তমান জাতীয় নায়ক হৈ থকা নাই বুলি মন্তব্য কৰে বৰঠাকুৰে।

“সৰ্বানন্দ সোণোৱাল ভণ্ড জাতীয় নায়ক। তেওঁ জাতিটোক ঠগি ঠগি খালে, গতিকে তেওঁৰ নামটো ক’লা চিয়াহীৰে লিপিবদ্ধ হৈ ৰ’ব।” মুখ্য মন্ত্ৰী সোণোৱালক কটাক্ষ কৰি এইদৰে কয় বৰঠাকুৰে।

ইয়াৰোপৰি, বিজেপিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এটা ব্যক্তিগত কোম্পানিৰ দৰে পৰিচালিত কৰিছে বুলি মীৰা বৰঠাকুৰে গুৰুতৰ অভিযোগ তোলে।

তেওঁ কয় “চৰকাৰখন তেওঁলোকৰ প্ৰাইভেট কোম্পানি নহয়। জনসাধাৰণে গঠন কৰা চৰকাৰখনত বিজেপিয়ে প্ৰাইভেট কোম্পানিৰ দৰে যি ইচ্ছা তাকেই কৰি আছে।‘”

আনহাতে, ক্ষমতাই মূৰত ধৰা বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ গণতান্ত্ৰিক প্ৰতিবাদত গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে বিজেপি চৰকাৰৰ পতন নিশ্চিত বুলিও দাবী কৰে।

 “কংস বহুত শক্তিশালী আছিল যদিও কৃষ্ণৰ হাতত মৃত্যু হ’ল, ৰাৱণ বহুত শক্তিশালী আছিল যদিও হনুমানে গৈ লংকা জ্বলাই থৈ আহিছিল। বিজেপিয়েও সেইদৰে ক্ষমতাত থকাৰ কাৰণে ভাবিছে যে কাকো গুৰুত্ব নিদিয়াকৈ আগবাঢ়িব পাৰিব”, এইদৰে কয় মীৰা বৰঠাকুৰে।

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ সভাপতি ৰেখাৰাণী দাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ মানুহৰ প্ৰতিবাদৰ গত্যন্তৰ নাই।

ইয়াৰোপৰি, অসমৰ মানুহে ভাষা-সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে এই বিলৰ বিৰোধিতা কৰিছে বুলিও বড়োৱে মন্তব্য কৰে।

আনহাতে, বিজেপিয়ে চলে-বলে-কৌশলে বিলখন ৰাজ্যসভাতো গৃহীত কৰিবলৈ চেষ্টা চলাব বুলি মন্তব্য কৰি তেওঁ কয় “তেনে কৰিলেও বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ হৃদয় কেতিয়াও জিনিব নোৱাৰিব। জন্মে জন্মান্তৰে অসমৰ মানুহৰ কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰ অভিশপ্ত হৈ ৰ’ব।”

আনহাতে, উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি যুঁজাৰু দি ফাইটাৰ্ছৰ সভানেত্ৰী জোনমণি দেবী খাউণ্ডে বিজেপি চৰকাৰখনে স্বৈৰচাৰী শাসন চলাবলৈ আৰম্ভ কৰিছে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

“বিজেপি চৰকাৰৰ এয়া স্বৈৰতন্ত্ৰৰ চুড়ান্ত ৰূপ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইমান ডাঙৰ প্ৰতিবাদী কাৰ্য্যসূচী হৈ থকাৰ সত্ত্বেও এই প্ৰতিবাদৰ প্ৰতি বিজেপি চৰকাৰে গুৰুত্ব আৰোপ নকৰি বিধেয়ক গৃহীত কৰাৰ কূট-কৌশল ৰচনা কৰিছে।” বিজেপি চৰকাৰৰ দিন চমু চাপি আহিছে বুলি দাবী কৰি খাউণ্ডৰ এই মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd