২০২১ত অসমৰ পৰা বিদায় ল’ব বিজেপিয়ে : বিধায়ক এ কে ৰছিদ আলম

ফটো : নৰ্থ-ইষ্ট নাও

বিহাৰৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে বিপৰ্যয় নহয়। বিহাৰৰ প্ৰশাসনে বিজেপিক বিপুলভাৱে সহায় কৰিছিল নিৰ্বাচনত। নিৰ্বাচনী আয়োগ নিৰপেক্ষ নহ’লে গণতন্ত্ৰ কেতিয়াও জীয়াই নাথাকে।

এই মন্তব্য গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ।

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি কৃষ্ণাই ব্লক কংগ্ৰেছে আয়োজন কৰা কাৰ্যকৰী বৰ্ধিত সভা আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক আলমে।

বিধায়ক এ কে ৰছিদ আলমে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে ২০২১ৰ নিৰ্বাচনৰ পিছত অসমৰ পৰা বিজেপি দল নিচ্ছিন্ন হৈ যাব আৰু অসমৰ ক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটে।

আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলটোৱে জিলাখনৰ আটাইকেইটা সমষ্টি দখল কৰিব বুলিও দাবী কৰে বিধায়ক আলমে।

আজি দিনৰ প্ৰায় ১১ বজাত কৃষ্ণাই ব্লক কংগ্ৰেছৰ সভাপতি মহম্মদ আলীৰ সভাপতিত্ব আয়োজিত আজিৰ সভাখনত বিধায়ক আলমৰ লগতে দুধনৈ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱেন দৈমাৰী, কৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ডা° দিলীপ ঘোষ, জ্যেষ্ঠ কংগ্ৰেছী নেতা নুৰ হুছেইনৰ লগতে ভালে কেইজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

আজিৰ এই সভাতে বিভিন্ন দলৰ পৰা প্ৰায় ১৫০ লোকে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷