• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভাৱগ্ৰস্ত মানুহক হিতাধিকাৰী আঁচনিৰে বিজেপিয়ে সমৰ্থন আদায় কৰিলে : ড০ হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 28, 2019 9:31 pm
Hiren Gohain Press Meet

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ সংবাদমেল। ২৮ মে'ত, গুৱাহাটী প্ৰেছ ক্লাবত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নিৰ্বাচনৰ এবছৰ পূৰ্বৰ পৰা জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ উপৰি অভাৱগ্ৰস্ত মানুহক এটকীয়া চাউল, আটা, ম’বাইল ফোন তুলি দি বিজেপিয়ে ৰাইজৰ সমৰ্থন আদায় কৰিলে। এইবোৰ কিমান দিন থাকে ক’ব নোৱাৰো, কাৰণ বিজেপি চৰকাৰৰ হাতত পইচা নাই। ধনখিনি কৰ্প’ৰেটগোষ্ঠীৰ হাতত দি দিলে ক’ৰ পৰা থাকিব?” লোকসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ সফলতাৰ পিছত সংবাদমেলত এই মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। তাতে ড০ গোহাঁয়ে এইদৰে কয়।

সংবাদমেলত ড০ গোহাঁয়ে কয়, “নিৰ্বাচনৰ ফল ঘোষণা হোৱাৰ পাছতেই ঘোষণা কৰা হ’ল এই বছৰ বৃহৎ কৰ্প’ৰেট গোষ্ঠীক ৫ শতাংশ কৰ ৰেহাই দিয়াৰ কথা। পৃথিৱীৰ সকলো দেশতে থকা জনকল্যাণমূলক যিবোৰ আঁচনি আছে, তাৰ খৰচ আহে অতি বৃহৎ ধনীসকলৰ পৰা, যিসকলে হয়তো দেশৰ ৬০-৭০ শতাংশ সম্পদ অধিকাৰ কৰি থাকে। তেওঁলোকৰ যি উপাৰ্জন হয়, তেওঁলোকৰে সম্পত্তি আৰু উপাৰ্জন বৃদ্ধি হয়। সাধাৰণ মানুহৰ উন্নতি নহয়”।

ইয়াৰোপৰি, দেশৰ বিভিন্ন শিতানত বৃহৎ কৰ্প’ৰেট গোষ্ঠীক ২৩ লাখ কোটি টকাৰ কৰ ৰেহাই দিয়া হৈছে বুলিও সংবাদমেলত সদৰী কৰে গোহাঁয়ে।

“এই ধনেৰে ভাৰতৰ দুখীয়া মানুহক বহুত সহায় কৰিব পাৰিলেহেঁতেন। সাধাৰণ মানুহৰ মূৰত মুল্যবৃদ্ধিৰ বোজা জাপি দি এনেদৰে কৰ ৰেহাই দিয়াৰ অৰ্থটো কি?” ড০ গোহাঁইৰ প্ৰশ্ন।

তাৎপৰ্য্যপূৰ্ণভাৱে, প্ৰচাৰৰ নামত বিজেপিয়ে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে বুলিও মন্তব্য কৰে গোহাঁয়ে।

ড০ গোহাঁইৰ মতে বিজেপিৰ নিৰ্বাচনী বিজয়ত প্ৰচাৰৰ এক ডাঙৰ ভূমিকা আছে। অতি পৰিকল্পিত কৌশল কৰি বিজেপি সফল হৈছে।

আনহাতে, যোৱাবছৰ দেশৰ তিনিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ, ছত্তিচগড় আৰু ৰাজস্থানত বিজেপি বিৰোধী জনমতৰ সৃষ্টি হোৱা বাবেই কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে গোহাঁয়ে।

“এবছৰ মান আগতে কংগ্ৰেছে দেশৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনত জয়ী হৈছিল। বিজেপি বিৰোধী এটা মতৰ সৃষ্টি কৰিছিল আৰু তিনিও ৰাজ্যতে কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। এই কথাটো এনেই হোৱা নাছিল। বিজেপিৰ কাম-কাজৰ ওপৰতে সেইটো মতদান আছিল”, ড০ গোহাঁয়ে কয়।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই কয় যে লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ ঢৌৱে সকলো বিৰোধীক উটুৱাই লৈ গৈছে আৰু তেওঁলোক দেখাত অ-প্ৰাসংগিক হৈ পৰিছে।

“নৰেন্দ্ৰ মোদীয়ে নিজকে এক শক্তিশালী নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ যি কৌশল লৈছিল তাত তেওঁ সফল হৈছে।” এইদৰে মন্তব্য কৰি তেওঁ লগতে কয়, “আনহাতে, বিৰোধীয়ে যি প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিলে সেইবোৰৰ প্ৰভাৱ ভোটাৰ ৰাইজৰ ওপৰত নিৰ্বাচন জিকিব পৰাকৈ নপৰিল। কিন্তু সুস্থ গণতন্ত্ৰৰ বাবে এই প্ৰশ্নবোৰ ভৱিষ্যতেও উত্থাপন হৈ থাকিব লাগিব।”

তেওঁ আৰু কয়, “পুলৱামা আক্ৰমণৰ পাছতে বালাকোটত গৈ কৰা আক্ৰমণে ভাৰতীয় হিন্দু জাতীয়তাবাদী ভাৱধাৰা শতগুণে বঢ়াই দিছিল”।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁলোকৰ পূৰ্বৰ স্থিতি বাহাল থাকিব বুলি মন্তব্য কৰি তেওঁ কয়, “১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা যিকোনো হিন্দু বা মুছলমান প্ৰব্ৰজনকাৰীসকলে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি ভাৱুকি কঢ়িয়াই আনিছে। তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্ৰসংগ ভৱিষ্যতেও বিৰোধিতা কৰি যাম।”

আনহাতে, মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই কয় যে দেশৰ জনসাধাৰণক নানান কূট-কৌশলেৰে সন্মোহিত কৰি কিছুমান আঁচনি ৰূপায়ণেৰে ক্ষমতা দখল কৰিলে যদিও তেওঁলোকৰ জনগণ বিৰোধী কামৰ ওপৰত ৰাইজে নজৰ দিব লাগিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সকলো কৌশল ব্যৰ্থ কৰিবলৈ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ সাজু থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd