আৰম্ভ হ’ল নেকি প্ৰতিশোধৰ ৰাজনীতি! বিটিচিত নিশা বিজেপি কৰ্মীক নৃশংস হত্যা

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে আৰম্ভ হৈছে প্ৰতিশোধৰ ৰাজনীতি।

সোমবাৰে নিশা বিটিআৰৰ বাক্সা জিলাত মিণ্টু কলিতা নামৰ এগৰাকী বিজেপি কৰ্মীক অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ সমগ্ৰ জিলাখনতে উত্তেজনাই বিৰাজ কৰিছে।

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ ওচৰৰ লামিদাৰা অঞ্চলত নিশা নিজৰ ব্যৱসায়িক ক্ষেত্ৰৰ পৰা উভতি আহি থকা সময়তে বিজেপি কৰ্মী গৰাকীক দুৰ্বিত্তই চোঁকা অস্ত্ৰৰে হত্যা কৰে।

ঘটনাস্থলীৰ পৰা আৰক্ষীৰ দলে মৃত্যু হোৱা বিজেপি কৰ্মী মিন্টু কলিতাৰ এ এছ-২৮ এ-৯৯৫৭ নম্বৰৰ দুচকীয়া বাহনখন উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্বৃত্তৰ চোঁকা অস্ত্ৰৰ আঘাতত মিণ্টু কলিতা নামৰ বিজেপি কৰ্মীগৰাকীয়ে মুৰত গুৰুতৰভাৱে আঘাত পায়।

ৰাতিপুৱা মুছলপুৰ আৰক্ষীয়ে মিণ্টু কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে, অনুসন্ধানকাৰী আৰক্ষীৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাস্থলীৰৰ পৰা ছুৰীৰ কভাৰ ইত্যাদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিটিআৰত প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল।

সোমবাৰে নিশা বিজেপি কৰ্মীৰ নৃশংস হত্যাই বিটিআৰ অঞ্চলৰ জনসাধাৰণৰ মনত আতংকৰ সৃষ্টি কৰিছে।