NORTHEAST NOW (Assamese)

সদস্য কমিল ‘মোদী কা পৰিবাৰত’ : কংগ্ৰেছত যোগ দিলে হাৰিয়ানৰ বিজেপি সাংসদ ব্রিজেন্দ্ৰ সিঙে

March 10, 2024 5:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিলে হাৰিয়ানাৰ বিজেপি সাংসদ ব্রিজেন্দ্ৰ সিঙে।

দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত দলটোত যোগদান কৰে সাংসদ গৰাকীয়ে। 

ইয়াৰ পূৰ্বে দেওবাৰে “বাধ্য ৰাজনৈতিক কাৰণত” বিজেপি দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে সাংসদগৰাকীয়ে।

“মই বাধ্যতামূলক ৰাজনৈতিক কাৰণত বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো। মোক সংসদ হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জে পি নাড্ডা, প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী আৰু  শ্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিছো।” – টুইটযোগে এইদৰে কয় ব্রিজেন্দ্ৰ সিঙে।

বিজেন্দ্ৰ সিঙে কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন, মুকুল ৱাছনিক, আৰু দীপক বাবাৰিয়াও উপস্থিত আছিল।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি সিঙ এতিয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে হিছাৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সাজু হৈছে।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত হিছাৰ সমষ্টিত বিজেন্দ্ৰ সিঙে জেজেপিৰ দুষ্যন্ত চৌটালা আৰু তেতিয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱা ভৱ্য বিষ্ণোইক পৰাস্ত বিজয়ী সাব্যস্ত কৰিছিল।

Related News