অসমত বিজেপিৰ ভেটি মজবুত; ২১’ত নতুন আঞ্চলিক দলে কোনো প্ৰভাৱ নেপেলায় : বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী

ddd98c44-b316-4d61-98c6-3eedfc6773a0

বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা। ফটো: নৰ্থইষ্ট নাও

‘অসমত বিজেপিৰ স্থিতি বহুত মজবুত। ৰাজ্যত সৃষ্টি হোৱা সৰু সৰু আঞ্চলিক দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।‘ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেল সম্বোধন কৰি এই দাবী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই।

তেওঁ লগতে ‘কোনো কোনো নেতাই ইটোৰ পৰা আনটো আঞ্চলিক দললৈ গমন কৰিছে‘ বুলি উল্লেখ কৰি লগতে কয়, ‘গতিকে, বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নপৰিব। অসমবাসীয়ে মোদীজীক পূৰ্ণ সমৰ্থন আগবঢ়ায়।‘

ইপিনে, মোদী চৰকাৰে যিধৰণে উত্তৰ পূবৰ উন্নয়নক প্ৰাধান্য দি আহিছে বুলি দাবী কৰি তেওঁ লগতে কয়, ‘মোদীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ উদাহৰণ আমি সৰ্বত্ৰ দেখিবলৈ পাইছো। AIIMSৰ পৰা আৰম্ভ কৰি, গড়কাপ্তানি বিভাগৰ প্ৰজেক্টলৈ সকলো আন্ত:গাঁথনিমূলক কাম তীব্ৰগতিৰে আগবাঢ়িছে।‘

তদুপৰি, PMAYৰ দ্বাৰা ২.৭০ লাখ লোকৰ ঘৰ নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰি তেওঁ কয় ‘অৰুণোদয়ৰ দ্বাৰা ১৯ লাখ পৰিয়ালক ৮৩০ টকাকৈ একাউণ্টৰ দ্বাৰা দিয়া হৈছে।১ লাখ লোকক ভূমিপট্টা দিয়া হৈছে।‘

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তেই পাণ্ডাই সমগ্ৰ বিশ্বতেই দেশৰ সামগ্ৰিক উন্নয়নে চৰ্চা লাভ কৰিছে বুলি দাবী কৰি লগতে কয়, ‘কোভিডৰ সময়ত কোৱা হৈছিল যে ভাৰতে কোভিডৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব, যিটো যি হিচাপে ভাৰতবৰ্ষই মোকাবিলা কৰিলে, মত্যুৰ হাৰ বিশ্বৰ ভিতৰতেই সৰ্বনিম্ন হিচাপে পৰিগণিত হ’ল।‘

ইপিনে, বিতৰ্কিত কৃষি আইনক লৈ দিল্লীত এতিয়াও প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এই আইনখন কৃষকৰ মঙ্গলৰ বাবে কৰা হৈছে বুলি দাবী কৰে।

তেওঁ কয়, ‘দেশৰ কৃষি আইন ১৯৬০ চনতেই প্ৰণয়ন কৰা আৰু দুৰ্ভিক্ষৰ সময়ত প্ৰণয়ন কৰা হৈছিল।বিৰোধী দলসমূহে আজি বিজেপিয়ে অনা কৃষি আইন বলৱৎ কৰাৰ কথা কৈছিল যদিও তেওঁলোকৰ সৎ সাহস নহ’ল এই আইন প্ৰৱৰ্তন কৰিবলৈ।‘

‘পূৰ্বে থকা নিয়ম অনুসৰি কৃষকে নিজৰ মতে শস্য বিক্ৰী কৰিব পৰা অৱকাশ নাছিল, কিন্তু এতিয়াৰেপৰা কৃষকে নিজ ইচ্ছানুসৰি দেশৰ যিকোনো স্থানতেই বিক্ৰী কৰিব পাৰিব। পূৰ্বৰ নিয়ম মতে মধ্যভোগীয়ে লাভাংশ খাইছিল, এতিয়া নতুন আইনমতে মধ্যভোগীৰ অস্তিত্ব নোহোৱা কৰিব।‘ কৃষি আইনৰ সমৰ্থনত এইদৰে কয় পাণ্ডাই।

আনহাতে, BTCত বিজেপিৰ আশাপ্ৰদ ফলাফলে ১১২ দিনৰ পাছত হ’বলগীয়া বিধানসভা নিৰ্বাচনতো বিজেপিৰ প্ৰদৰ্শন আশাপ্ৰদ হোৱাৰে ইংগিত দিয়ে বুলি তেওঁ দাবী কৰে।

সমাগত বিধানসভা বিজেপিয়ে অকলেই খেলিব নেকি বুলি সাংবাদিকে সোধাত পাণ্ডাই উত্তৰত কয়, ‘বিজেপি এতিয়া শক্তিশালী স্থিতিত আছে অসমত। নিৰ্বাচন অকলে খেলা কথাটো এতিয়া আলোচনা কৰিব নালাগে। কোনো দলকে বিজেপিয়ে অকলশৰীয়া কৰা নাই নাইবা একাষৰীয়া কৰা নাই।মাত্ৰ এইটোৱেই কৈছো যে অসমত বিজেপি শক্তিশালী হৈছে।‘