বিজেপি-শাসিত অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তৃণমূল পৰ্য্যায়ৰ গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে আৰু নিৰ্বাচনটো পৰিণত হৈছে এক প্ৰকাৰৰ প্ৰহসনত। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যি কোনো প্ৰকাৰে পঞ্চায়তবোৰ দখল কৰাটো হৈ পৰিছে শাসক বিজেপিৰ একমাত্ৰ লক্ষ্য। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপি-বিৰোধী দলসমূহৰ প্ৰাৰ্থীক মনোনয়ন-পত্ৰ দাখিল পৰ্ব আৰম্ভ হোৱাৰ পৰা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মুহূৰ্তলৈকে বিভিন্ন প্ৰকাৰৰ ভয়-ভাবুকি-প্ৰলোভন, আনকি শাসক দলৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰি হ’লেও বিৰোধী প্ৰাৰ্থীক নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ তথা প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাতৰি প্ৰকাশ হোৱাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
প্ৰাপ্ত সংবাদ মতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পঞ্চায়ত নিৰ্বাচনতো প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰাৰ উপৰি আনকি ৰাজ্যৰ আৰক্ষী প্ৰশাসনকো ব্যৱহাৰ কৰি আৰু ঠায়ে ঠায়ে পুলিচ বাহিনী নমাই বিৰোধী দলৰ প্ৰাৰ্থীক ভীতি প্ৰদৰ্শন তথা গাওঁ অঞ্চলত বিৰোধী দলসমূহৰ সভ্য-সমৰ্থকৰ মাজত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে অতি উদ্বেগেৰে লক্ষ্য কৰিছে যে সংবাদ মাধ্যমৰ খবৰ অনুযায়ী ঢেকিয়াজুলি অঞ্চলত মন্ত্ৰী অশোক সিংহালৰ ভেৰোণিয়া বাহিনীয়ে বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে জঘন্য আচৰণ তথা ভীতি প্ৰদৰ্শন কৰিছে। মাজ ৰৌমাৰি পঞ্চায়তৰ এগৰাকী মহিলা প্ৰাৰ্থীৰ নাম চৰকাৰী হিতাধিকাৰী আঁচনিৰ পৰা কৰ্তন কৰাই নহয়, চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰিব লগা গাওঁখনৰ পথটোৰ নিৰ্মাণ বন্ধ হ’ব বুলিও ভাবুকি দিছে। ডিগবৈৰ বৰহাপজানতো অসম জাতীয় পৰিষদৰ এগৰাকী মহিলা প্ৰাৰ্থীক ভাবুকি দিয়া হয়। নগাঁও আৰু মৰিগাঁও জিলাৰ কঠীয়াতলী, যমুনামুখ, বঢ়মপুৰ, নেলী, জাগীৰোড, ধৰমতুল আদি ঠাইত পুলিচ আৰু বিজেপিৰ গুণ্ডা বাহিনীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ বাতৰি সংবাদ মাধ্যমতে প্ৰকাশিত হৈছে। কঠীয়াতলীত কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীক ভয়-ভাবুকি দিয়াৰ উপৰি নিশা আৰক্ষীয়ে আটক কৰি অনাৰো অভিযোগ উত্থাপন হৈছে। ভয়-ভাবুকি তথা মনোনয়ন প্ৰত্যাহাৰৰ বাবে হেঁচা প্ৰয়োগৰ অভিযোগ ডিগবৈ, লিডু, দুধনৈ, বিশ্বনাথ চাৰিআলি, নলবাৰী আদি অঞ্চলৰ উপৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত উত্থাপিত হৈছে। ৰাজ্যৰ কেইবাঠাইতো মহিলা প্ৰাৰ্থীৰ স্বামীক পুলিচে গ্ৰেপ্তাৰ আৰু পৰিয়ালৰ অন্যান্য সদস্যক ভাবুকি দিয়াৰ বাতৰি পোৱা গৈছে।
অতিকৈ উদ্বেগৰ বিষয় যে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত ৰাজ্যত কেইবাশ প্ৰাৰ্থীয়ে বিজেপি আৰু আৰক্ষীৰ ভয়-ভাবুকি-হেঁচাত মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হোৱাৰ বাতৰি পোৱা গৈছে। আনহাতে শাসক দলৰ বহু প্ৰাৰ্থী তথাকথিত ‘বিনা প্ৰতিদ্বন্দ্বিতা’ৰে নিৰ্বাচিত হৈছে। বিশ্বনাথ চাৰিআলিৰ চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ সমষ্টিত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাতৰি সংবাদ মাধ্যমৰ যোগে প্ৰকাশ হৈছে।
আচলতে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শাসন কালত গণতন্ত্ৰক হত্যা আৰু সুস্থ গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াক নিঃশেষ কৰাৰ নিৰ্লজ্জ কৰ্মকাণ্ড চলিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ মুহূৰ্তৰ পৰাই ৰাজ্য চৰকাৰে নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত সকলো পৰিকল্পনা কৰে। বৈষম্যমূলকভাৱে পঞ্চায়ত তথা ৱাৰ্ডবোৰৰ সীমা নিৰ্ধাৰণ আৰু শাসক দলৰ সুবিধামতে যথেষ্ট পলমকৈ, ব’হাগ বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়োগেও নিজৰ স্বতন্ত্ৰ ভূমিকা বিসৰ্জন দি চৰকাৰৰ নিৰ্দেশত ৰাজনৈতিক পক্ষপাতিত্ব অৱলম্বন কৰি নিৰ্বাচনী কাম কাজ পৰিচালনা কৰি আছে। ক্ৰমাৎ জনবিচ্ছিন্ন হোৱা ৰাজ্যৰ শাসক দলে ধনবল-বাহুবলৰ উপৰি প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰি এতিয়া পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ বাবে উঠি-পৰি লাগিছে। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে পঞ্চায়ত নিৰ্বাচনটোক ৰাজ্য চৰকাৰে প্রসহনত পৰিণত কৰিব বিচৰা কৰ্মকাণ্ড তথা নিৰ্বাচনটোত দলীয় স্বাৰ্থত আৰক্ষীৰ ব্যৱহাৰৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু সুস্থ তথা নিকা নিৰ্বাচন নিশ্চিত কৰি তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ সুনিশ্চিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছে।