যোৰহাটত বিজেপি যুৱমৰ্চাৰ গুণ্ডাগিৰি; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ

BJYM

যোৰহাটত বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা গোবিন বৰাই গুণ্ডাগিৰি কৰাৰ পিছত আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে।

কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা বাবে তেওঁৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত এটা গোচৰ (নং ৩৫৯/২০) ৰুজু কৰা হৈছে।

দক্ষিণ সৰ্বাইবন্ধাৰ নিৱাসী বৰাক অৱশ্যে আজি থানাৰ পৰা যাবলৈ দিয়া হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩, ৪২৭, ২৯৪, ৫০৬ ধাৰাত গোচৰ ৰুজু হৈছে।

যোৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এন কে বৰাই জনোৱামতে, যোৱা ১৬ ফেব্ৰুৱাৰিত নগৰখনৰ মাছৰহাট অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাৰ সন্ধানত কেইজনমান আৰক্ষী লোকক দক্ষিণ সৰ্বাইবন্ধালৈ প্ৰেৰণ কৰা হৈছিল।

“আৰক্ষীৰ লোককেইজনে এটা ঘৰৰ দুৱাৰত টুকুৰিয়াই সোমাবলৈ অনুমতি বিচাৰে। তেতিয়াই গোবিন বৰা ওলাই আহে আৰু আৰক্ষীৰ লোককেইজনক গঁতিয়াই আঁতৰি যাবলৈ কয়”, বিষয়াজনে কয়।

তেতিয়া আৰক্ষীৰ লোককেইজনে থানালৈ খবৰ দিয়ে আৰু ভাৰপ্ৰাপ্ত বিষয়াজন নিজেই এটা দল লৈ উক্ত স্থানলৈ যায় আৰু গোবিন বৰাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে তেওঁৰ গাড়ীখনো জব্দ কৰে, য’ত মদৰ বটল পোৱা গৈছে।

উল্লেখ কৰিব পাৰি যে পূৰ্বেও বিজেপি আগশাৰীৰ নেতাৰ সৈতে ঘনিষ্ঠ এজন যুৱকে ৰাতি গুণ্ডাগিৰি কৰি যোৰহাটৰ ৰাজপথত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।