শিলচৰত মন্ত্ৰী পীয়ুয হাজৰিকাক কিয় ক’লা পতাকা প্ৰদৰ্শন কৰিলে?

6-4-750x375

পীয়ুয হাজৰিকা। ফাইল ফটো

স্বাস্থ্য বিভাগৰ ৰাজ্য মন্ত্ৰী পীয়ুয হাজৰিকাক বৃহস্পতিবাৰে শিলচৰত বৃহৎ প্ৰতিবাদৰ মাজতে ক’লা পতাকা প্ৰদৰ্শন কৰা হয়।

তেওঁ চহৰখনৰ ঐতিহাসিক গান্ধী নগৰত এখন বিনোদন উদ্যান উদ্বোধন কৰিবলৈ তালৈ গৈছিল।

শতাধিক লোকে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰী লোকসকলে লগতে পথ বন্ধ কৰি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে তথা প্ৰতিবাদ সাৱ্যস্ত কৰে।

‘’আমি  এটা শ্বপিং মল, ৰেষ্টুৰেন্ট আৰু বাৰ থকা এখন বিনোদন উদ্যান নিৰ্মাণৰ বাবে গান্ধী বাগ উদ্যানৰ ইতিহাস ধ্বংস কৰিব খোজা প্ৰস্তাৱটো গ্ৰহণ কৰিব নোৱাৰো,’’-এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।

‘’গান্ধী বাগ উদ্যানখন শিলচৰৰ নাগৰিকৰ বাবে অক্সিজেন গ্ৰহণৰ স্থলী, আমি ইয়াত সেয়া অনুমতি দিব নোৱাৰো,’’-তেওঁ লগতে কয়।

প্ৰাক্তন লোকসভাৰ সাংসদ সুষ্মিতা দেবেও লগতে চৰকাৰৰ পদক্ষেপৰ বিৰোধিতা কৰে আৰু কয় যে ই পৌৰসভা আইন ভংগ কৰিছে।

‘’তেওঁলোকে শিলচৰ পৌৰ পৰিষদৰ নিৰ্বাচিত সমিতিৰ সৈতে প্ৰস্তাৱটো আলোচনা নকৰাকৈ কেনেকৈ নিবিদা আহ্বান কৰিব পাৰে,’’-দেৱে কয়।

‘’প্ৰতিবাদত অংশগ্ৰহণ কৰি আজি ৰাইজে চৰকাৰক এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে,’’-তেওঁ কয়।

প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকীয়ে লগতে পৰিষদৰ বৈঠকত আলোচনা নকৰাকৈ এটা প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰা কেলেংকাৰিটোৰ এক তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায়।

‘’মোক কোৱা হৈছিল যে শিলচৰ পৌৰ সভাই গান্ধী বাগত এখন বিনোদন উদ্যান নিৰ্মাণৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল,’’-মন্ত্ৰী হাজৰিকাই কয়।

‘’যদি পৌৰসভাৰ এটা প্ৰস্তাৱ থাকে, আমি বেছি হস্তক্ষেপ কৰিব নোৱাৰো কিয়নো পৌৰ পৰিষদ এখন স্বতন্ত্ৰ সংস্থা,’’-মন্ত্ৰীগৰাকীয়ে কয়।

‘’অৱশ্যে, যদি জ্যেষ্ঠ নাগৰিক তথা সংগঠনসমূহে প্ৰকল্পটোৰ বিৰুদ্ধে মোক অৱগত কৰে, আমি সেইটো চাব পাৰো,’’-তেওঁ লগতে কয়।