ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) ৪৬তম প্ৰতিষ্ঠা দিৱসৰ উদযাপনত বিহাৰৰ ক্ৰীড়া মন্ত্ৰী সুৰেন্দ্ৰ মেহতাই আৰ্তজনক প্ৰদান কৰা উপহাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰা গৰমৰ বাবে ৰাজ্যখনত সতৰ্কবাণী জাৰি হৈছে তেনে সময়তে তেওঁ দুখীয়া আৰু আৰ্তজনৰ মাজত কম্বল বিতৰণ কৰা কাৰ্যই চকু কপালত তুলিছে সাধাৰণ জনতাৰ।
বিহাৰৰ বাচ্ৱাৰা বিধানসভা সমষ্টিৰ অহিয়াপুৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মন্ত্ৰী মেহতাই শ শ লোকৰ মাজত কম্বল বিতৰণ কৰে। তেওঁ গোবিন্দপুৰ-২ পঞ্চায়তত অনুষ্ঠিত এই কাৰ্যসূচীত কমেও ৫০০ লোকক কম্বল প্ৰদান কৰা বুলি দাবী কৰিছে। কম্বল বিতৰণৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পাছত ভাইৰেল হৈ পৰে ।
গৰমত জ্বলি থকা ৰাজ্যখনত এনে কামে ৰাজ্যবাসীক আচৰিত কৰি তুলিছে। নেটিজেন আৰু বিৰোধীয়ে এই পদক্ষেপৰ তীব্ৰ সমালোচনা কৰিছে। বিৰোধীয়ে কয়, ভোটৰ ৰাজনীতিৰ বাবে এনে কৰা হৈছে। ২৫ ডিচেম্বৰত অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত কম্বল বিতৰণ কৰিলে গাঁওবাসীৰ অধিক উপকাৰ হ’লহেঁতেন বুলি কটাক্ষ বিৰোধীৰ।
এই ঘটনাই বিজেপিৰ প্ৰতিষ্ঠা দিৱসক বিতৰ্কৰ মাজলৈ টানি আনিছে। গৰমৰ মাজত কম্বল বিতৰণৰ এই সিদ্ধান্তই মন্ত্ৰীগৰাকীৰ বিচাৰ-বুদ্ধিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।