NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ মুখ থেকেচা খালে পাকিস্তানে,ভাৰতক মুকলি সমৰ্থন ৰাছিয়াৰ

November 12, 2020 3:54 pm · এন ই নাও নিউজ
Updated: November 12, 2020 3:55 pm

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰুদ্ধে বিশ্বৰ কেইবাখনো দেশে থিয় দিয়াৰ সময়তে চাংহাই  সংস্থাৰ সহযোগিতা  সন্মিলনত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্ৰ সফল নহ’ল।

চাংহাই সহযোগিতা সংস্থাৰ ভাৰ্চুৱেল বৈঠকত আজি পাকিস্তানে ভাৰত-পাকিস্তানৰ বিষয়টো অৱতাৰণা কৰাৰ বাবে চেষ্টা চলায় যদিও এই ক্ষেত্ৰত বাধা প্ৰদান কৰে ৰাছিয়াই।

ৰাছিয়াৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ৰোমান আৰ বাবুক্সিনে এই সন্দৰ্ভত আপত্তি দৰ্শাই কয় যে চাংহাই সহযোগিতা সংস্থাই দ্বিপাক্ষিক বিষয় একোটা এনেদৰে আলোচনাৰ বাবে গ্ৰহণ কৰিব নোৱাৰে।

এই ক্ষেত্ৰত ভাৰত পাকিস্তানৰ মাজত চলি থকা উত্তেজনা দূৰ কৰিবলৈ পাকিস্তানে চাংহাই সহযোগিতা সংস্থাৰ মঞ্চ খন ব্যৱহাৰ কৰাতকৈ দুয়ো খন দেশে আলোচনাৰ মাজৰে সমস্যাৰ সমাধান কৰাহে উচিঢ বুলি ৰাছিয়াৰ দূত গৰাকীয়ে মন্তব্য কৰে।

চাংহাই সহযোগিতা সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক অথবা সেই জাতীয় সমস্যাহে সমাধান কৰিব পাৰে।

সীমা সমস্যা দূৰ কৰাটো এই সংস্থাৰ সংবিধানৰ ভিতৰত নপৰে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য পাকিস্তানে প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বিৰুদ্ধে দুৰ্নাম ৰটনা কৰাত ব্যস্ত হৈ আহিছে।

বিশেষকৈ কাশ্মীৰ প্ৰসংগত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সদায় মিছাৰ আশ্ৰয় গ্ৰহণ কৰি আহিছে।

Related News