NORTHEAST NOW (Assamese)

বিশ্বৰ সবাতোকৈ বয়সস্থ কুকুৰ : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে ববিয়ে

February 5, 2023 3:49 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ বিশ্বৰ সবাতোকৈ বয়সস্থ কুকুৰ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে এটা পোহনীয়া কুকুৰে। পৰ্তুগালৰ এটা পৰিয়ালৰ ঘৰত থকা এই কুকুৰটোৰ নাম হৈছে ববি।

সম্প্ৰতি ববিৰ বয়স ৩০ বছৰ। এই বয়সতো সম্পূৰ্ণ সুস্থ আৰু সতেজ অৱস্থাত আছে ববি। সেয়ে ববিয়ে আটাইতকৈ বেছি দিন জীয়াই থকা কুকুৰৰ খিতাপ লাভ কৰাৰ লগতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে

সাধাৰণতে কুকুৰৰ গড় আয়ুস ১২১৫ বছৰ হয়কিন্তু আচৰিত কথাটো হ’ল কুকুৰৰ গড় আয়ুসৰ তুলনাতকৈ প্ৰায় দুগুণ বেছি দিন সুস্থ শৰীৰে জীয়াই আছে এই ববি নামৰ কুকুৰটো।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত ববিৰ বয়স ৩০ বছৰ আৰু ২৬৬ দিন সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে ববিৰ এটা ভিডিঅ’ই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ মঞ্চলৈ লৈ আনিছিল ববিক। ববীৰ এই ভিডিঅটো ৰাতিটোৰ ভিতৰতে নেট জগতত ভাইৰেল হৈ পৰিছিল

এই বাতৰি লিখাৰ সময়লৈকে ববীৰ এই ভিডিঅ’টোৱে ১৮ লাখতকৈ অধিক ভিউ আৰু ১ লাখ ৬০ হাজাৰতকৈ অধিক লাইক লাভ কৰিছে। উক্ত ভিডিঅটোৰ তলত ববিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি হাজাৰ হাজাৰ লোকে কমেন্ট কৰিছে

 

View this post on Instagram

 

A post shared by Guinness World Records (@guinnessworldrecords)

 

Related News