উমৰাংছ’ৰ কয়লাখনিৰ পৰা ডেৰমাহ পাছত উদ্ধাৰ ৫জন শ্ৰমিকৰ মৃতদেহ!
উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে পাঁচজন শ্ৰমিকৰ মৃতদেহ। ডেৰমাহৰ অন্তত NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা।
উমৰাংছ’ৰ কয়লাখনিত এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ হয় বুধবাৰে। আজিৰ দিনটোতে ওলাল ৫ জন শ্ৰমিকৰ মৃতদেহ।
ডেৰ মাহৰ অন্তত আজি NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা। ৪ জানুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ উদ্ধাৰ হৈছে মুঠ ৯টা মৃতদেহ।
উল্লেখ্য যে, উমৰাংছ’ মৃত্যুগহ্বৰত ৪৪ দিনধৰি চলি আছিল উদ্ধাৰ অভিযান।
আজি উদ্ধাৰ হোৱা শ্ৰমিককেইজনৰ মৃতদেহকেইটা বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ।
এই তথ্য ‘এক্স’যোগে সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।