ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়ো সমাজৰ গভীৰ শ্ৰদ্ধাঞ্জলি; এবছুৰ পতাকা অৰ্ধনমিত

Pramod Bhattacharya

বড়ো ভাষাৰ গৱেষক ড০ প্ৰমোদ ভট্টাচাৰ্য্যৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্নজনে। ফটো : য়ু বি।

বড়ো ভাষা-সংস্কৃতিৰ গৱেষণাৰ কামত জীৱন উচৰ্গা কৰা আৰু নিজৰ কামেৰে বড়ো ভাষা অধ্যয়নক নতুন মাত্ৰা দিয়া সাহিত্যাচাৰ্য ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়োসকলে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৯৪ বছৰ বয়সত নেমকেয়াৰ হস্পিটেলত মৃত্যু হোৱা ভট্টাচাৰ্য্য অসমত জনজাতীয় অধ্যয়নৰ অন্যতম বাটকটীয়া আৰু বিশেষভাৱে বড়ো ভাষাৰ বহু কাম কৰি তেওঁ বড়োসকললৈ ডাঙৰ অৱদান আগ বঢ়াই গৈছে।

আজি সদৌ বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাকে ধৰি বিভিন্নটা বড়ো দল-সংগঠন আৰু ব্যক্তিয়ে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। বড়ো ছাত্ৰ সন্থাই বড়ো ভাষাৰ গৱেষকজনৰ প্ৰতি শ্ৰদ্ধা জনাই সংগঠনটোৰ পতাকা দিনটোৰ বাবে অৰ্ধনমিত কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে এক মিনিটৰ বাবে মৌনতা পালন কৰে।

“ভট্টাচাৰ্য্যৰ মৃত্যু কেৱল বড়োসকলৰ বাবেই নহয়, সমগ্ৰ অসমৰ সমাজখন আৰু বৌদ্ধিক জগতৰ বাবে বৃহৎ ক্ষতি।” এবছুৰ সভাপতি আৰু ৰাজ্যসভাৰ প্ৰাক্তন সদস্য উৰ্খাও গৌৰা ব্ৰহ্মই কয়।

তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি প্ৰাক্তন সাংসদজনে কয় যে বড়ো ভাষাৰ বিকাশৰ ক্ষেত্ৰত ভট্টাচাৰ্য্যৰ বৰঙনি অতি ব্যাপক।

উল্লেখযোগ্য যে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ ভট্টাচাৰ্য্যই A descriptive analysis of Boro Language শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থ লিখাৰ লগতে Boro-Assamese অভিধানো যুটীয়াভাৱে সম্পাদনা কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভট্টাচাৰ্য্যক বড়ো ভাষা আৰু সাহিত্যলৈ আগ বঢ়োৱা অৱদানৰ বাবে উপেন্দ্ৰনাথ ব্ৰহ্ম সৈনিক মানৱতা বঁটা দিয়া হৈছিল।

বড়ো সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি আৰু শোক প্ৰকাশ

ইপিনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত বড়ো সাহিত্য সভাই বড়ো ভাষাৰ গৱেষক ড০ প্ৰমোদ ভট্টাচাৰ্য্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আজি বিশিষ্ট গৱেষকজনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে প্ৰয়াত ভট্টাচাৰ্য্যৰ ঘৰলৈ গৈ বড়োসকলৰ নিয়মেৰে শ্ৰদ্ধাঞ্জলি জনায়।

ভট্টাচাৰ্য্যৰ  সভাই কয় যে ভট্টাচাৰ্য্যৰ A descriptive analysis of Boro Language শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থখনে বড়ো ভাষাক ভাৰত তথা সমগ্ৰ বিশ্বত প্ৰচাৰ হোৱাত যথেষ্ট বৰঙনি আগ বঢ়ালে।

“বড়ো ভাষাক মহাবিদ্যালয়ৰ পৰ্য্যায়ত এম আই এল হিচাপে স্বীকৃতি প্ৰদান, বড়ো ভাষাত মেজৰ পাঠ্যক্ৰম হিচাপে প্ৰৱৰ্তন, স্নাতকোত্তৰ পৰ্য্যায়লৈক বড়ো ভাষা এটা সুকীয়া বিভাগ হিচাপে প্ৰৱৰ্তন আদিৰ ক্ষেত্ৰত ভট্টাচাৰ্য্যৰ অৱদান, ত্যাগ আৰু অৰিহনাৰ তুলনা নাই” বিবৃতিটোত কোৱা হয়।

“তেখেতৰ মৃত্যুত বড়ো ভাষাৰ প্ৰকৃত গুৰু এজন আমি হেৰুৱালো।” বড়ো সাহিত্য সভাই কয়।