বোকাজানত ক’ৰ’না ৰুধিবলৈ জৰুৰীকালীন বৈঠকত মিলিত হয় বিধায়ক মমিন

index.jpg00

বোকজানৰ সমষ্টিৰ বিধায়ক ডা: নোমল মমিনে ক’ৰ’না ভাইৰাছ সংক্ৰমন ৰোধ কৰা বাবে নিজ সমষ্টিৰ পুলিচ-প্ৰশাসন, চিকিৎসা আৰু যোগান বিভাগৰ বিষয়া সকলৰ  সৈতে এক জৰুৰীকালীন বৈঠকত মিলিত হয়  ।

বিধায়কজনে সমষ্টি পৰিস্থিতি বুজ লোৱা লগতে আৰু অত্যৱশ্যকীয়া সামগ্ৰী সকলো ধৰণৰ যোগান অব্যাহত ৰখাৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায়।

ক’ৰ’না পৰা ৰাইজক সুৰক্ষাৰ কৰি ৰখাৰ লগতে সংক্ৰমন ৰোধ কৰাত কেনেদৰে যুঁজ দিব লাগিব সেই সন্দৰ্ভত অনুষ্ঠিত হয় বৈঠকখন।

বৈঠকৰ পিছতে বিধায়ক গৰাকীয়ে সমষ্টিৰ প্ৰতিখন চিকিৎসালয় পৰিদৰ্শন কৰে।

ক’ৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখা বাধ্যতামুলক বুলি কয় বিধায়ক মমিনে।

একেদৰে বাহিৰৰ পৰা অহা প্ৰতিজন ব্যক্তিক নিজ ঘৰতে আছুতীয়াকৈ ৰখা ব্যৱস্থা কৰিব লাগিব। কোনোৱে যদি এই কথা অমান্য কৰে তেন্তে আইনৰ ব্যৱস্থা গ্ৰহণ কৰি হলেও বাধ্য কৰিব লাগিব,বুলি কয় বিধায়কজনে ৷

আনহাতে  জানিব পৰা মতে সমষ্টিবাসী ৰাইজৰ সুৰক্ষা কথা চিন্তা কৰি সুলভ মূল্য চাউল ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে বিধায়কজনে।

ইফালে যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে সেই সকলক ৰখা বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈ গৃহ পৰিদৰ্শন কৰাৰ লগতে  অধিগ্ৰহণ কৰি কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ নির্দেশ দিয়ে ৷

ইয়াৰ উপৰিও ৰন্ধন গেছৰ যোগান এই সময়ছোৱাত যাতে সমষ্টিবাসী ৰাইজে ঘৰে ঘৰে লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ এজেঞ্চি সমূহক নির্দেশ প্ৰদান কৰিছে বিধায়ক মমিনে।