ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ, ভোটদানৰ সময়ত কোভিডৰ নীতি-নিৰ্দেশনা পালন কৰাৰ আহ্বান

IMG_20210317_181117

ফটো: নৰ্থইষ্ট নাও।

বোকাখাত সমষ্টিত  আগন্তক বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পৰ্কত সবিশেষ তথ্য দিয়াৰ উদ্দেশ্যে আজি বোকাখাত মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত মহকুমাটোৰ সাংবাদিকসকলৰ বাবে এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷

বোকাখাতৰ মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাস সঞ্চালিত এই বৈঠকত সংবাদ  নির্বাচনী বিষয়াগৰাকীয়ে আগন্তুক বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে বিভিন্ন পর্যায়ত চলি থকা প্রস্তুতি সম্পৰ্কত সাংবাদিকৰ আগত বিশদ বিৱৰণ দাঙি ধৰে।

বোকাখাত সমষ্টিত যাতে ভোটগ্রহণৰ দিনা বা তাৰ আগেয়ে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে বুলি বিষয়াগৰাকীয়ে সংবাদিকক জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও নির্বাচনৰ সময়ছোৱাত সমগ্র অঞ্চলটোত যাতে মাদক দ্রব্যৰ প্ৰস্তুতি, বিক্ৰী তথা বিতৰণ ৰোধ কৰিব পৰা যায় তাৰ বাবে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে।

জিলা নির্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ ৰাইজক ভাৰতীয় নির্বাচনী আয়োগে প্রণয়ন কৰা কোভিড ১৯ৰ নীতি-নির্দেশনা সঠিকভাৱে পালন কৰিবলৈ আৰু ভোটগ্রহণ কেন্দ্রসমূহত সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে ভোটগ্ৰহণত ভোটাৰসকলৰ টোকেনৰো ব্যৱস্থা কৰা হৈছে।   ভোটগ্রহণৰ দিনা বোকাখাত সমষ্টিৰ ১০৮টা ভোটগ্রহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে বাকী ভোটগ্রহণ কেন্দ্ৰত ভিডিঅ’গ্রাফিৰ বিশেষ ব্যৱস্থা কৰিছে প্ৰশাসনে৷

উল্লেখযোগ্য যে ৯ মার্চত প্রকাশ পোৱা ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি বোকাখাত নির্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ১,৪৭,৪৮৭গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৭৩,৭৯৮গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৭৩,৬৮৬গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩গৰাকী।

অনুষ্ঠানত জিলা নির্বাচনী বিষয়া গৰাকীয়ে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘাৰ যিকোনো তথ্য দাখিলৰ বাবে চিভিজিল এপৰ ব্যৱহাৰ কৰাৰ লগতে বোকাখাত নির্বাচনী জিলাৰ নিয়ন্ত্রণ কক্ষৰ টোল ফ্ৰী নম্বৰ ০৭৩৭৭৬-১৯৫০ত যোগাযোগ কৰিবলৈ আহ্বান জনায়।