NORTHEAST NOW (Assamese)

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

June 30, 2025 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী

২৪ জুন কৃষিপাবোকাখাতৰ সাপজুৰি পাণবাৰী মস্থিত CRPF কেম্পত সংঘটিত গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ সৈতে জড়িত অপৰাধীক কৰায়ত্ব কৰে অসম আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত ঘটনাৰ সৈতে জড়িত দুজন মূল লিংকমেন ক্ৰমে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা আৰক্ষীৰ গুলীত আহত হৈছে। আৰু ঘটনাৰ লগত জড়িত ছজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

তদন্তত প্ৰকাশিত তথ্য অনুসৰি, অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেণেড যোগান ধৰিছিল ভৱেশ আৰু সঞ্জীৱে। লগতে দুয়ো পাণবাৰীৰ কাষৰীয়া এলেকাত দুটাকৈ পিষ্টল লুকুৱাই থৈছিল। ২৬ জুন নিশা তেজপুৰ আৰু লখিমপুৰৰ পৰা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত দুয়ো জনে পিষ্টল লুকুৱাই থোৱাৰ কথা স্বীকাৰ কৰে। এই তথ্যৰ ভিত্তিত ৩০ জুন নিশা তেওঁলোকক লৈ অস্ত্ৰ উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে ভৱেশ আৰু সঞ্জীৱে লুকুৱাই থোৱা পিষ্টলৰ সহায়ত আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে  গুলীচালনা কৰে, যাৰ ফলত ভৱেশৰ বাওঁ ভৰিত আৰু সঞ্জীৱৰ সোঁ ভৰিত গুলী লাগে।

সম্প্ৰতি দুয়োকে বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্থানান্তৰ কৰা হৈছে। আৰক্ষীয়ে অভিযানৰ সময়ত দুটা পিষ্টলো উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰ্তমানলৈকে মুঠ ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আাৰু তদন্ত অব্যাহত আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে।

Related News