NORTHEAST NOW (Assamese)

ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’; আছে অসমৰ এগৰাকী শিল্পী

January 10, 2020 12:21 pm · এন ই নাও নিউজ
Updated: January 10, 2020 12:23 pm

এটা ভাইৰেল ভিডিঅ’ই এতিয়া ছচিয়েল মিডিয়াত খলকনি তুলিছে। এই ভাইৰেল ভিডিঅ’টোত অসমৰ এজন বাঁহীবাদকে বাঁহী বজাইছে আৰু কাষত বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱনক দেখা গৈছে।

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অহা শংকৰ মহাদেৱনে নিজৰ ফেচবুকত শ্বেয়াৰ কৰিছে এই বিশেষ ভিডিঅ’টো।

উল্লেখযোগ্য যে আজি মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেণ্টত শংকৰ মহাদেৱনে ব্ৰেকফাষ্ট কৰি থকা সময়তে অসম তথা নগাঁৱৰ বাঁহীবাদক দিলীপ হীৰাক লগ পায়।

লগ পোৱাৰ পিছতে বাঁহীবাদকগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বলীউদৰ জলপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন। শংকৰ মহাদেৱনে ফেচবুকৰ জৰিয়তে দিলীপ হীৰাক সকলোকে চিনাকী কৰি দি কয় দিলীপ এগৰাকী অত্যন্ত প্ৰতিভাশালী বাঁহীবাদক।

ইয়াৰ পিছতে শংকৰ মহাদেৱনে হীৰাক কিবা এটা শুনাবলৈ কয়। আৰু শংকৰ মহাদেৱনৰ অনুৰোধত দিলীপে নিজৰ বাঁহীৰে এক মধুৰ তথা অনন্য সুৰ বজাই শুনায়। য’ত শংকৰ মহাদেৱনক দিলীপৰ বাঁহীৰ সুৰত মুগ্ধ হোৱা দেখিবলৈ পোৱা যায়।

নগাঁৱৰ দিলীপে কেইবাখনো অসমীয় ছবি আৰু এলবামত বাঁহী বজাই নিজৰ প্ৰতিভা দাহি ধৰিছিল। আৰু আজি বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱনৰ অন্তৰো দিলীপৰ বাঁহীৰ সুৰে চুই যায়।

Related News