NORTHEAST NOW (Assamese)

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

July 19, 2025 6:56 pm · এন ই নাও নিউজ, গুৱাহাটী

বম্বে উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ বিবাহ বিচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি পৰিয়াল আদালতৰ বিবাহ বিচ্ছেদৰ নিৰ্দেশ বহাল ৰাখিছে। আদালতে স্পষ্ট কৰিছে যে এই বিবাহত আৰু কোনো অগ্ৰগতিৰ সম্ভাৱনা নাই। ন্যায়াধীশ ৰেৱতী মোহিতে ডেৰে আৰু নীলা গোখলেৰ বিচাৰপীঠে কৈছে যে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ কৰা আৰু তেওঁৰ ওপৰত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সন্দেহ কৰাটো স্বামীৰ প্ৰতি ‘নিষ্ঠুৰতা’ হিচাপে গণ্য হ’ব। লগতে মহিলাগৰাকীৰ মাহেকীয়া ভৰণ-পোষণৰ বাবে ১ লাখ টকাৰ দাবীও আদালতে খাৰিজ কৰিছে।

উল্লেখ্য যে ২০১৩ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতী ২০১৪ চনৰ ডিচেম্বৰৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল। ২০১৫ চনত স্বামীয়ে পুনেৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে, যিটো মঞ্জুৰ হৈছিল। মহিলাগৰাকীয়ে আবেদনত দাবী কৰিছিল যে তেওঁৰ শহুৰৰ ঘৰৰ লোকে তেওঁক অত্যাচাৰ কৰিছিল, কিন্তু তেওঁ স্বামীক ভাল পায়। কিন্তু স্বামীয়ে অভিযোগ কৰিছিল যে পত্নীয়ে শাৰীৰিক সম্পৰ্ক অস্বীকাৰ কৰাৰ লগতে তেওঁৰ ওপৰত পৰকীয়াৰ সন্দেহ কৰি বন্ধু-বান্ধৱ আৰু কৰ্মচাৰীৰ সন্মুখত লজ্জিত কৰিছিল।

উচ্চ ন্যায়ালয়ে কয় যে শাৰীৰিক সম্পৰ্ক অস্বীকাৰ কৰাটো নিজেই কোনো দোষ নহ’ব পাৰে, কিন্তু তাৰ বাবে স্বামীৰ ওপৰত পৰকীয়াৰ অভিযোগ আৰু মানসিক নিৰ্যাতন স্বামীৰ প্ৰতি নিষ্ঠুৰতা হিচাপে বিবেচিত হ’ব। আদালতে এই আচৰণক মানসিক যন্ত্ৰণাৰ কাৰণ হিচাপে চিহ্নিত কৰি বিবাহ বিচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। এই ৰায়ে বিবাহ সম্পৰ্কত পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Related News