মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

বঙাইগাঁও আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ পৰা তিনিখন চুৰি মটৰ চাইকেলসহ দুজন মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৩০ জুনত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত ৰবিয়াল হুছেইন নামৰ ধুবুৰী জিলাৰ চুৱাপাটাৰ এজন মটৰ চাইকেল চোৰ হাতে লোটে ধৰা পৰিছিল৷ পিচত বঙাইগাঁৱৰ পৰাও চুৰি হৈ থকা মটৰ চাইকেল চুৰিৰ ঘটনা সন্দৰ্ভত সোধাপোছা কৰা হৈছিল ৷

মটৰ চাইকেল চোৰজনক সোধাপোছা কৰাত বহু তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে ধুবুৰী জিলাৰ শালবাৰীৰ চুৰি মটৰ চাইকেলৰ বেহাৰ সৈতে জড়িত ৰফিকুল হকৰ গৃহত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায় ৷ অভিযান কালত আৰক্ষীয়ে ৰফিকুল হকক ঘৰত পোৱা নাছিল যদিও ঘৰৰ পৰা মটৰ চাইল খোলা- মেলা কৰা যন্ত্ৰাংশ, কাটাৰ মেচিন, লক খোলাৰ বাবে ব্যৱহাৰ কৰা মাষ্টাৰ চাবিকে ধৰি গেৰেজ এটাৰ বাবে প্ৰয়োজনীয় সা- সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰে ৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ৰফিকুল হকে ঘৰতে গেৰেজ এটা খুলি চুৰি মটৰ চাইকেলসমূহ ৰাখি সেইবোৰ বিক্ৰী কৰি আহিছিল ৷ ইপিনে শনিবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে চুৰি মটৰ চাইকেলসমূহ কোকৰাঝাৰত চলি থকা বুলি গোপন সূত্ৰৰ পম খেদি চুৰি মটৰ চাইকেলৰ সন্ধানত অভিযান চলায় ৷

এই অভিযান কালত আৰক্ষীয়ে তিনিখন চুৰি মটৰ চাইকেল জব্দ কৰাৰ লগতে মটৰ চাইকেল চুৰিৰ সৈতে জড়িত ৰবীন নাৰ্জাৰী আৰু বিক্ৰমজিৎ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে দুদিন পূৰ্বে বঙাইগাঁৱৰ পৰা চুৰি কৰি নিয়া দুখন মটৰ চাইকেল চাপৰ থানাৰ পৰা উদ্ধাৰ হৈছে বুলি জনায় ৷

ইয়াকে ধৰি মুঠ পাঁচখন চুৰি মটৰ চাইকেল উদ্ধাৰ হোৱাৰ লগতে তিনিজন মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা মটৰ চাইকেল চোৰক জেৰা অব্যাহত ৰাখিছে ৷ লগতে আৰু মটৰ চাইৰেল চুৰিৰ লগত জড়িতৰ সন্ধানত থকা বুলিও জানিবলৈ দিছে ৷