সাংবাদিক আক্ৰমণৰ ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জুৱাৰ গৰিহণা

এগৰাকী জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক দৃৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে ৷ খোদ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ মাজ মজিয়াতে নিশা বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক নিগৃহীত হোৱা ঘটনা দুৰ্ভাগ্যজনক ৷ প্ৰেছ ক্লাবে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবী জনাইছে ৷

লগতে আৰক্ষীয়ে সাংবাদিকগৰাকীক অভিযুক্ত সজাই পক্ষপাতমূলক আচৰণ গ্ৰহণ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই ৷ ইপিনে জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক জাৰ্ণালিষ্ট ইউনিয়ন অব আসামৰ(জুৱা) বঙাইগাঁও জিলা সমিতিয়েও তীব্ৰ গৰিহণা দিছে৷

এক প্ৰেছ বিবৃতিত জিলা সমিতিৰ সাধাৰণ সম্পাদক ধৰম ৰঞ্জন ৰয়ে খোদ মহানগৰীতে সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক বুলি উল্লেখ কৰি সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ আক্ৰমণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ জুৱাই সজোৰে দাবী জনায় ৷ আনহাতে দুৰ্বৃত্তক শাস্তি প্ৰদানৰ সলনি ওলোটাই ভুক্তভোগী সাংবাদিকগৰাকীকহে আৰক্ষীয়ে দোষী সজোৱা কাৰ্যকো জুৱাই ধিক্কাৰ দিছে৷ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জুৱাই লগতে চৰকাৰক দাবী জনাইছে৷