গুৱাহাটী প্ৰেছ ক্লাবত বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ উন্মোচন

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অন্বেষাই প্ৰকাশ কৰি উলিওৱা বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰৰ দুটা খণ্ড উন্মোচন কৰা হয়।

তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ড° বন্দিতা গোস্বামী শ‍ইকীয়াই বহু বছৰ ধৰি শিশু-সাহিত্যত একাণপতীয়াকৈ মনোনিৱেশ কৰি আহিছে।

ইতিমধ্যে তেখেতৰ শিশু-কিশোৰ উপযোগী ত্ৰিশখনৰো অধিক গ্রন্থ প্রকাশ পাইছে।

এই সকলো গ্রন্থ একত্ৰিত কৰি বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ (প্ৰথম আৰু দ্বিতীয় খণ্ড) একেলগে আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।

বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ উন্মোচন কৰে ঔপন্যাসিকা ড° অৰূপা পটংগীয়া কলিতাই। অনুষ্ঠানটিত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° অনুৰাধা দত্ত, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ,কবি আনিছ উছ জামান আদিৰ লগতে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰ, সচিব দুদুলমণি শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।