কংগ্ৰেছক সাৰ-পানী যোগাবলৈ দললৈ আহিল দুগৰাকী প্ৰাক্তন বিধায়ক

APCC-750x375

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে হিৰণ্য বৰা আৰু মুকুন্দ ৰাম চৌধুৰীয়ে।

অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক মুকুন্দ ৰাম চৌধুৰী আৰু প্ৰাক্তন কংগ্ৰেছী নেতা হিৰণ্য বৰাই শনিবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিভাৱে যোগদান কৰে। তেওঁলোকৰ এই যোগদানে লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুমাহহে বাকী থকা অৱস্থাত ৰাজ্যখনৰ বিৰোধী দলটোক সাৰ-পানী যোগাব বুলি আশা কৰা হৈছে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত নেতা দুগৰাকীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

‘’দুয়োগৰাকী নেতাই দলত চৰ্তহীনভাৱে  যোগদান কৰিছে আৰু অসমত বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে কাম কৰিব,’’-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়।

অৱশ্যে, প্ৰাক্তন বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ বাবে এয়া নিজৰ ঘৰখনলৈ উভতি অহাৰ দৰে হৈছে। বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ কৰিছিল।

তদুপৰি, দলৰ তদানীত্বন সভাপতি অঞ্জন দত্তক ৰাজহুৱাকৈ সমালোচনা কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছত ২০১৫’ত দলৰ বৰাই পদত্যাগ কৰিছিল।

ঢেকিয়াজুলিৰ প্ৰাক্তন বিধায়ক হিৰণ্য বৰাই ২০১৬’ত চতিয়া বিধানসভা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়।

আনহাতে, অগপ নেতা মুকুন্দ চৌধুৰীয়ে ২০১১ চনৰ পৰা ২০১৬ চনলৈ অসম বিধানসভাত কলাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।