মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে লাভলীনা বৰগোহাঁই! বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Lovlina Borgohain

সমুখত কমনৱেলথ গেমছ। আৰু এনেসময়ত বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ দ্বাৰা মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁই।

আজি এক টুইটযোগে ভাৰতীয় বক্সিঙৰ শীৰ্ষ সংস্থাটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লাভলীনা বৰগোহাঁয়ে।

বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব খেলুৱৈগৰাকীয়ে। এই আন্ত: ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে অনুশীলন চলাই থকাৰ মুহূৰ্ততে তাৰকা গৰাকীয়ে উত্থাপন কৰা এই অভিযোগে ব্যাপক চৰ্চা লাভ কৰিছে।

আজি এটা টুইটযোগে লাভলীনাই কয় যে কৰ্তৃপক্ষৰ দ্বাৰা তেওঁৰ প্ৰশিক্ষকসকল নিৰন্তৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত তেওঁৰ কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতিও বাধাগ্ৰস্ত হৈছে।

অলিম্পিক পদক বিজয়ী লাভলীনাই অভিযোগ কৰিছে যে তেওঁৰ প্ৰশিক্ষকসকলক কমনৱেলথ গেমচৰ চৌহদত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সন্মতি জনাবলৈ অস্বীকাৰ কৰিছে। আনহাতে আন এজন প্ৰশিক্ষকক ঘৰলৈ প্ৰেৰণ কৰা হৈছে।

খেলুৱৈগৰাকীৰ অভিযোগ অনুসৰি অলিম্পিক পদক জয়ত তেওঁক সহায় কৰা দুই প্ৰশিক্ষকক কমনৱেলথ গেমছ, ২০২২ৰ বাবে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।

লাভলীনাই টুইটটোত কয় যে তেওঁৰ এগৰাকী প্ৰশিক্ষক সন্ধ্যা গুৰুঙক বাৰ্মিংহামৰ কমনৱেলথ ভিলেজত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই, আনহাতে তেওঁৰ আন এগৰাকী প্ৰশিক্ষকক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছে। এনে অৱস্থাত তেওঁ প্ৰশিক্ষণত মনোনিৱেশ কৰিব পৰা নাই।

 

লাভলীনাই লগতে অভিযোগ কৰিছে যে ইস্তাম্বুলত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বেও তেওঁ একে ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু সেয়ে আগন্তুক বাৰ্মিংহাম গেমছতো অনুৰূপ ঘটনা ঘটিব বুলি তেওঁ আশংকা কৰিছিল।

আনহাতে লাভলীনাৰ এই অভিযোগৰ পিছতে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই কয় যে প্ৰশিক্ষকৰ স্বীকৃতি প্ৰক্ৰিয়া ভাৰতীয় অলিম্পিক সংস্থাৰ দ্বাৰা পৰিচালনা কৰা হৈছে। বিষয়টো শীঘ্ৰেই সমাধান কৰা হ’ব বুলি বক্সিং ফেডাৰেচনে জানিবলৈ দিছে।