কোকৰাঝাৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত : প্ৰমীলা ৰাণী ব্ৰহ্ম

Pramila Rani Brahma

প্ৰমীলা ৰাণী ব্ৰহ্ম

কোকৰাঝাৰ জিলাত মহিলাৰ বিৰুদ্ধে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অপৰাধ আৰু হিংসাৰ প্ৰতিবাদত সোমবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰত মমবাতি লৈ এক সমদল বাহিৰ কৰা হয়।

কোকৰাঝাৰ চহৰৰ এম আৰ এম হাস্পাতালৰ পৰা আবৰ্ত ভৱনলৈ উলিওৱা সমদলত অংশগ্ৰহণ কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে ভালেকেইগৰাকী বি পি এফ নেতায়।

সমদলত প্ৰায় দুশৰো অধিক মহিলা আৰু শিশুই অংশলৈ জিলাখনত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈ অহা ধাৰাবাহিক অপৰাধজনিত ঘটনাৰ বিৰোধিতা কৰে।

আনহাতে, সমদলত অংশগ্ৰহণ কৰি প্ৰমীলা ৰাণী ব্ৰহ্মই এনেধৰণৰ ঘটনা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰে।

‘‘বি টি চি নিৰ্বাচনৰ পূৰ্বে বি টি এ ডি অঞ্চলৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে আৰু ধৰ্মীয় সংঘাত বৃদ্ধি কৰাৰ বাবে এনেধৰণৰ প্ৰচেষ্টা কৰা হৈছে বুলি মই অনুভৱ কৰো,’’ প্ৰমীলাৰাণী ব্ৰহ্মই কয়।

অঞ্চলটোত ঘটি থকা সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰমীলাৰাণী ব্ৰহ্মই উচিত তদন্তৰ দাবী কৰে।

উল্লেখযোগ্য যে, কোকৰাঝাৰত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা মহিলাৰ ওপৰত আক্ৰমণৰ ঘটনা সন্দৰ্ভত পূৰ্বে এখন সভাও অনুষ্ঠিত কৰা হয়।

কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ, আৰক্ষী আয়ুক্ত ৰাজেন সিঙৰ লগতে কোকৰাঝাৰ শিশু কল্যাণ কমিটিৰ সচিব মালতী ৰাণী নাৰ্জাৰীয়ে সভাখনত অংশগ্ৰহণ কৰে।