তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

IMG-20210306-WA0011

ফটো: নৰ্থইষ্ট নাও।

৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটাত দৰঙাজুলি ব্লক বিপিএফৰ উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ব্লক বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰাৰ বাবে শনিবাৰে এখন সভা অনুষ্ঠিত হয়।

সভাত সভাপতিত্ব কৰে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়ে।

সভাপতিৰ আসনৰ পৰা তেওঁ কয়- ২০২১ৰ বিধান সভা নিৰ্বাচনত অকল ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে নহয়, বিটিচিৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিতে বিপিএফ দলৰ প্ৰাৰ্থীয়ে নিশ্চিতভাৱে জয় লাভ কৰিব।

তেওঁ লগতে কয় যে যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফৰ কঠিন পৰিস্থিতিৰ সময়তো বিপিএফ দলে ১৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ দ্বাৰা এইটো প্ৰমাণ হয় যে বিটিচি এলেকাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দল এতিয়াও শক্তিশালী হৈ আছে।

তামুলপুৰ বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মুঠ ৯ গৰাকীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। যিগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব তেওঁকেই জয়লাভ কৰোৱাৰ বাবে দলে চেষ্টা অব্যাহত ৰাখিব।

কুমাৰীকাটাস্থিত দৰঙাজুলি ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে দৰঙাজুলি ব্লক বিপিএফৰ সম্পাদক কমল উজীৰে। সভাখনত দৰঙাজুলি ব্লক বিপিএফৰ আঠখন প্ৰাথমিক সমিতিৰ নেতৃবৃন্দই উপস্থিত থাকি নিজৰ নিজৰ মন্তব্য আগবঢ়ায়।

তামুলপুৰ জিলা বিপিএফৰ সম্পাদক উপেন বসুমতাৰী পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাখনত গিৰিধৰ কলিতাক সভাপতি, পৰমেশ্বৰ বাস্কেক কাৰ্যকৰী সভাপতি, দীপক কুমাৰ শইকীয়া আৰু নোমল কলিতাক সম্পাদক হিচাপে লৈ দৰঙাজুলি ব্লক বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতিখন গঠন কৰা হয়।

সভাখনত বিপিএফ নেতা ৰামদাস বাসুমতাৰী, হেৰৎ বসুমতাৰী, খনিন দাস, ৰিংচাৰ বড়ো, জয়দেৱ অধিকাৰী, প্ৰমুখ্যে দলীয় নেতা কৰ্মী সকল উপস্থিত থাকে।