হৰিণাই চেলেকে বাঘৰ গাল! ফোন চুৰি কৰি নিয়া যুৱকৰ প্ৰেমতেই হাবু-ডুবু যুৱতী

অসমীয়াত এষাৰ কথা আছে, কালৰো কাল-বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল। এই আপ্তবাক্যশাৰীকে যেন প্ৰমাণ কৰি দেখুৱাইছে ব্ৰাজিলৰ এগৰাকী যুৱতীয়ে। নিজৰ ফোন চুৰি কৰি নিয়া এগৰাকী যুৱকৰ প্ৰেমপাশত এতিয়া হাবু ডুবু খাইছে যুৱতীগৰাকী।

এই প্ৰেম কাহিনীয়ে সম্প্ৰতি আলোড়ন তুলিছে সামাজিক মাধ্যমত। টুইটাৰত এক ভিডিঅ’ যোগে এই প্ৰেমিক যুগলে তেওঁলোকৰ প্ৰেম কাহিনীৰ বিশদ বিৱৰণ দিছে। চোৰৰ হাতত প্ৰথমে ফোন আৰু পিছত হৃদয় তুলি দিয়া যুৱতীগৰাকীৰ নাম ইমানুৱেলা।

ইমানুৱেলাই বৰ্ণনা কৰিছে নিজৰ অকল্পনীয় আৰু অস্বাভাৱিক প্ৰথম ডেটৰ বিষয়ে। ইমানুৱেলাৰ বৰ্ণনা অনুসৰি, ৰাস্তাৰে খোজ কাঢ়ি গৈ থকাৰ সময়তে দুৰ্ভাগ্যৱশত: তেওঁ চুৰিকাণ্ডৰ চিকাৰ হৈছিল। এক অচিনাক্ত চোৰে তেওঁৰ পৰা থপিয়াই নিছিল মোবাইল।

ইফালে চুৰি কৰি নিয়া ফোনত ইমালুৱেলাৰ ফটো দেখাৰ পিছতে মনত জোৱাৰ উঠে যুৱকৰ। হৃদয়ত হঠাতে হোৱা পট পৰিৱৰ্তনৰ মাজত তেওঁ অনুভৱ কৰে মহিলাগৰাকীৰ প্ৰতি পৃথক আকৰ্ষণ। ভিডিঅ’ ক্লিপটোত এই অনুভৱ বৰ্ণনা কৰিছে যুৱকগৰাকীয়ে।

তেওঁ এই সন্দৰ্ভত দিয়া ভাষ্য মতে, কোনো নাৰীসংগ নথকাৰ বাবে তেওঁ এক কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছিল। ফোনত ইমালুৱেলাৰ ফটো দেখি তেওঁৰ মুখেৰে ওলাই আহিছিল ‘ৱাহ! কি ধুনীয়া ব্ৰুনেটে, প্ৰতিদিনে এনে ব্ৰুনেটে দেখা পোৱা নাযায়।’

ফোনটো চুৰি কৰাৰ বাবে অনুশোচনাত দগ্ধ হয় যুৱকগৰাকী। এই কাহিনী শুনি প্ৰেমাস্পদ হালৰ সাক্ষাৎকাৰ লোৱা ব্যক্তিগৰাকীয়ে যুৱকগৰাকীক লক্ষ্য কৰি সোধে, “তেন্তে আপুনি প্ৰথমে তেওঁৰ ফোনটো চুৰি কৰিলে আৰু তাৰ পিছত তেওঁৰ হৃদয়খনো চুৰি কৰিলে?”

ব্যক্তিগৰাকীৰ এই প্ৰশ্নৰ উত্তৰত যুৱকগৰাকীয়ে ‘ঠিক’ বুলি সঁহাৰি দিয়ে। প্ৰকাশিত খবৰ অনুসৰি, এতিয়া দুয়োৰে প্ৰেমৰ সম্পৰ্কই দুবছৰ সম্পূৰ্ণ কৰিলে। তেওঁলোকৰ এই আশ্চৰ্যকৰ প্ৰেম কাহিনীয়ে স্বাভাৱিকতেই মন মুহিছে নেটিজেনৰ।

একাংশ নেটিজেনে এনে অসম্ভৱ প্ৰেম কাহিনী কেৱল ব্ৰাজিলতে সম্ভৱ বুলি টিটকাৰি মাৰিলেও আন একাংশই আকৌ এই কাহিনীক যথেষ্ট মনোমোহা বুলি বিবেচনা কৰিছে আৰু প্ৰেম যিকোনো ঠাইতে আৰু যিকোনো পৰিস্থিতিতেই হ’ব পাৰে বুলি মন্তব্য কৰিছে।