NORTHEAST NOW (Assamese)

দেশত বৃদ্ধি পাইছে স্তন কেন্সাৰত আক্ৰান্তৰ সংখ্যা! উদ্বিগ্ন স্বাস্থ্য বিভাগ

March 31, 2025 9:36 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়া এক সমীক্ষা  অনুসৰি দেশত বৃদ্ধি পাইছে স্তন কেন্সাৰত আক্ৰান্ত্ৰৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে ভাৰতত স্তন কেঞ্চাৰৰ পৰা মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জনাইছে। তেওঁ কয় যে, যদি সময়মতে স্তন কেঞ্চাৰ ধৰা পৰে, তেন্তে মহিলাৰ মৃত্যুৰ হাৰ কমাব পৰা হ’ব বুলি মত প্ৰকাশ কৰে।

দিল্লীত ভাৰতীয় ব্ৰেষ্ট ইমেজিং ছচাইটিৰ দ্বাৰা আয়োজিত মিডটাৰ্ম বিচিকন-২০২৫ সন্মিলনত, দেশৰ বিখ্যাত চিকিৎসক আৰু বিশেষজ্ঞসকলে অংশ গ্ৰহণ কৰিছিল। ভাষণ প্ৰংগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতত কৰ্কট ৰোগ এক গুৰুতৰ স্বাস্থ্য সমস্যা হৈ পৰিছে। প্রতি বছৰে ১৪ লাখৰো অধিক নতুন ৰোগী পোৱা যায়। তাৰ ভিতৰত প্ৰায় ২ লাখ মহিলাই স্তন কেঞ্চাৰত  আক্ৰান্ত হৈছে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে স্তন কেঞ্চাৰৰ প্ৰতি সজাগতা, সুস্থ জীৱনশৈলী, আৰু সময়মতে চিকিৎসাৰ জৰিয়তে মৃত্যুৰ হাৰ হ্ৰাস সম্ভৱ বুলি উল্লেখ কৰে।

লগতে তেওঁ  কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে ১৫ কোটি মহিলাৰ স্তন কেঞ্চাৰ পৰীক্ষা কৰা হৈছে। লগতে ২০০টা ডে কেয়াৰ কেঞ্চাৰ চেণ্টাৰও মুকলি কৰা হৈছে বুলিও উল্লে কৰে।

উল্লেখ্য যে BISI (Breast Imaging Society, India) এই ক্ষেত্ৰত গত ১২ বছৰৰ পৰা সজাগতা বৃদ্ধি আৰু ৰেডিঅলজিষ্টক উন্নত প্ৰশিক্ষণ দিয়াৰ কাম কৰি আছে।

Related News