ক’বলৈ গ’লে যেন সপোনৰ আৰম্ভণি। এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ মেথিউ ব্ৰিট্জকেৰ বেটিং যেন অপ্ৰতিৰোধ্য। প্ৰটিয়াছৰ মিডল অৰ্ডাৰ বেটছমেনগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে কেৰিয়াৰৰ পঞ্চমখন এদিনীয়াতো পুনৰবাৰ অৰ্ধশতক অৰ্জন কৰে।
ব্ৰিট্জকেৰ বেটিং আৰু নন্দ্ৰে বাৰ্গাৰৰ বলিঙৰ ওপৰত নিৰ্ভৰ কৰি দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়খন এদিনীয়াত ৫ ৰাণত জয়লাভ কৰে। এই জয়েৰে প্ৰটিয়াছে শৃংখলাও দখল কৰে। নিজৰ কেৰিয়াৰৰ প্ৰথম পাঁচখন এদিনীয়াতে অৰ্ধশতক অৰ্জন কৰা ইতিহাসৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ব্ৰিট্জকে।
প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৮ উইকেটত ৩৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ইংলেণ্ডৰ ইনিংছ ৯ উইকেটত ৩২৫ ৰানত অল আউট হয়। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত মেথিউ ব্ৰিটজকে ১০০ ষ্ট্ৰাইক ৰেটত ৮৫ ৰানৰ ইনিংছ খেলে। তাৰ পাছত নন্দ্ৰে বাৰ্গাৰে বলিঙেৰে তিনিটা উইকেট দখল কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ অ’পেনাৰ দুগৰাকী ৰিয়ান ৰিকলটন আৰু আইডেন মাৰ্ক্ৰামে আকৌ এবাৰ ভাল আৰম্ভণি কৰে। আজি অৱশ্যে মাৰ্ক্ৰামে অলপ ৰক্ষণাত্মকভাৱে খেলে, ৰিকলটনে আক্ৰমণাত্মকভাৱে বেটিং কৰে। কিন্তু ৰিকলটন ৩৫ ৰানত আউট হোৱাৰ পিছত মাৰ্ক্ৰামেও বেছি সময় টিকিব নোৱাৰিলে। তেওঁ ৪৯ ৰানত আউট হয়। অধিনায়ক টেম্বা বাভুমাই মাত্ৰ চাৰিটা ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছতে ব্ৰিট্জকে আৰু ট্ৰিষ্টান ষ্টাবছে শক্তিশালী পাৰ্টনাৰশ্বিপেৰে দলটোৰ ইনিংছ আগুৱাই লৈ যায়। অৱশ্যে আৰ্চাৰে শতাধিক ৰানৰ পাৰ্টনাৰশ্বিপটো ভংগ কৰে। তেওঁ ব্ৰিট্জকেক এটা নিখুঁত য়ৰ্কাৰৰে ঘূৰাই পঠিয়ায়। অৱশ্যে ব্ৰিট্জকে একেৰাহে পাঁচখন এদিনীয়াত অৰ্ধশতকৰ সীমা অতিক্ৰম কৰা প্ৰথমজন বেটছমেন হিচাপে ইতিহাস ৰচনা কৰে।
ষ্টাবছেও এক আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে। কিন্তু ডিৱাল্ড ব্ৰুইছৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৫৮ ৰানত ৰান আউট হয়। শেষৰ ফালে ব্ৰুইছৰ ৪২ আৰু কৰ্বিন বছৰ ৩২ ৰাণে দক্ষিণ আফ্ৰিকাক ডাঙৰ স্ক’ৰ কৰিবলৈ সহায় কৰে। জোফ্ৰা আৰ্চাৰে ৪ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আৰম্ভণি কৰিয়েই বিপৰ্যয়ৰ সন্মুখীন হয়। যোৱা মেচখনত দলটোৰ একমাত্ৰ অৰ্ধশতৰাণকাৰী বেটছমেন জেমী স্মিথক বাৰ্গাৰে প্ৰথম বলটোতে ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। আন এজন অ’পেনাৰ বেন ডাকেটেও ১৪ ৰানত আউট হয়।
অৱশ্যে দলটোৰ অভিজ্ঞ বেটছমেন জো ৰুট আৰু যুৱ বেটাৰ জেকব বেথেলে উভতি ধৰে। দুয়োজনে অৰ্ধশতকৰ সীমা অতিক্ৰম কৰে। ৰুট আৰু বেথেলে ক্ৰমে ৬১ আৰু ৫৮ ৰানৰ ইনিংছ খেলে। তাৰ পাছত নিজৰ দুৰ্বল ফৰ্মৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা জোছ বাটলাৰেও এক দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে।
কিন্তু ইংলেণ্ডে দ্ৰুত ক্ৰমশঃ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ দিশে আগবাঢ়ে। ৩১৩ ৰানত ৯ উইকেট পৰে। এনে পৰিস্থিতিত যেতিয়া ইংলেণ্ডৰ অনুৰাগীয়ে জয়ৰ সকলো আশা এৰি দিছিল, তেতিয়া আৰ্চাৰে নিজৰ বেটিং দক্ষতা দেখুৱাইছিল। বেটেৰে এটাৰ পিছত এটাকৈ ডাঙৰ শ্বট মাৰে। কিন্তু শেষত তেওঁৰ ২৭ ৰানৰ অপৰাজিত ইনিংছটো দলটোক জয়ী কৰিবলৈ যথেষ্ট নহ’ল।
১৯৯৮ চনৰ পিছত ইংলেণ্ডৰ মাটিত দ্বিপাক্ষিক শৃংখলাত প্ৰথমবাৰৰ বাবে ইংলেণ্ডক পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাই। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পিছত লৰ্ডছত মধুৰ প্ৰত্যাৱৰ্তন ঘটিল প্ৰটিয়াছ বাহিনীৰ।