বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতি গঠন

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে অলপতে ভংগ কৰা সংগঠনটোৰ গোলাঘাট জিলা সমিতিখন ১২ জানুৱাৰিত দেৰগাঁৱৰ গড়কাপ্তানি বিভাগৰ অতিথিশালাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত পুনৰ নতুনকৈ গঠন কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কুঞ্জত মোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান প্ৰণৱজ্যোতি ডেকাৰ উপস্থিতিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সত্যজিৎ হাজৰিকাই।

ইয়াৰ পিছতে এই সভাতে সংগঠনটোৰ গোলাঘাট জিলা সমিতিখন নতুনকৈ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ফলত সভাৰ সৰ্বসম্মতিক্ৰমে সুভাংশু বৰাক সভাপতি, প্ৰিন্স নেওগক সচিব প্ৰধান, ৰঞ্জিত বৰাক কাৰ্যকৰী সভাপতি আৰু দিব্যজ্যোতি বৰাক সহ সচিব প্ৰধান হিচাপে লৈ ৩৫ জনীয়া সদস্যৰে গোলাঘাট জিলা সমিতিখন গঠন কৰে।

জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি সুভাংশু বৰাই আগন্তুক দিনত স্থানীয় সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।