জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বেচৰকাৰী চিকিৎসালয় চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনকঃ চিপিআই(এম)

KZv7vbKHT3PpABq64vnGcT-320-80

প্ৰতিনিধিত্বমূলক ছবি

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগেৰে লক্ষ্য কৰিছে যে শেহতীয়াভাৱে অসমত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷

এতিয়া জনসাধাৰণৰ মাজত আশংকাৰ সৃষ্টি হৈছে যে এই গতিত সংক্ৰমণ অব্যাহত থাকিলে অসমৰ চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধাৰ নাটনি হ’ব৷

চৰকাৰে অসমৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নানান প্ৰচাৰ চলালেও দৰাচলতে ইয়াত চিকিৎসা সেৱাৰ সুযোগ যে অতি সীমিত আৰু গুৰুতৰভাৱে অসুস্থ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সুবিধাৰ যথেষ্ট অভাৱ সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷

এনে পৰিস্থিতিত ৰোগাক্ৰান্তসকলৰ চিকিৎসা নিশ্চিত কৰাৰ বাবে ৰাজ্যখনত থকা বেচৰকাৰী চিকিৎসালয়, নাৰ্চিং হোমবোৰৰ প্ৰয়োজনীয় সংখ্যক চৰকাৰে অস্থায়ীভাৱে নিজৰ নিয়ন্ত্ৰণলৈ অনা উচিত যাতে কৰোনাভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীসকলৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ এই প্ৰতিষ্ঠানবোৰত কৰিব পৰা যায়৷

এই প্ৰতিষ্ঠানবোৰত কৰ্মৰত চিকিৎসক আৰু অন্য চিকিৎসা কৰ্মীসকলকো উপযুক্ত পাৰিশ্ৰমিকৰ ভিত্তিত চিকিৎসাত নিয়োজিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ লোৱা উচিত৷

কোভিড ৰোগীৰ উপৰি অইন ৰোগত গুৰুতৰভাৱে আক্ৰান্ত আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলেও যাতে কম খৰচত চিকিৎসা পায় তাক নিশ্চিত কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে৷ এই দাবী জনাইছে চিপিআই(এম)এ।

চিপিআই(এম)দলে এই কথাও উদ্বেগেৰে লক্ষ্য কৰিছে যে যিসকলে অইন ৰাজ্যৰ পৰা ৰেইল বা বাছেৰে অসমলৈ আহিছে তেওঁলোকৰ এটা বৃহৎ অংশ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ উল্লেখযোগ্য যে এনেকৈ ঘূৰি অহা সকলৰ গৰিষ্ঠ সংখ্যকেই হ’ল জীৱিকাৰ সন্ধানত অসমৰ পৰা ভিন ভিন ৰাজ্যলৈ যোৱা শ্ৰমিক৷

ল’কডাউনৰ ফলত তেওঁলোকৰ কাম নাইকিয়া হৈ যোৱাৰ পৰিণতিত সম্পূৰ্ণ আয়হীন হৈ পৰিছে৷ এনে অসহায় পৰিস্থিতিত যাত্ৰাপথত সংক্ৰমিত হোৱাৰ বিপদৰ কথা জানিও তেওঁলোক নিজৰ ঘৰলৈ ঘূৰি আহিছে৷

ইয়াত যিবোৰ কোৱাৰেণ্টাইন কেন্দ্ৰত তেওঁলোকক ৰখা হৈছে, বেছিভাগৰ অৱস্থা খুবেই শোচনীয়৷ কেন্দ্ৰবোৰত স্বাস্থ্যসন্মত খাদ্য আৰু পৰিৱেশৰ অভাৱ সুস্পষ্ট৷ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ চিপিআই(এম)ৰ।

এনে অৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে জৰুৰী পদক্ষেপ লোৱা উচিত বুলিও কয় চিপিআই(এম)এ।

‘চিপিআই(এম)ৰ সুচিন্তিত অভিমত হ’লঃ যিসকল অসমলৈ ঘূৰি নহাকৈ থাকিব তেওঁলোকক তিনিমাহৰ বাবে মাহিলি ৭,৫০০ টকাকৈ বেংকৰ জৰিয়তে আদায় দিয়ক যাতে অন্ততঃ খাদ্য, ঘৰভাড়াৰ দৰে অপৰিহাৰ্য খৰচবোৰ তেওঁলোকে বহন কৰিব পাৰে৷ ইয়াৰ বাবে হ’বলগীয়া ব্যয়ৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰেও বহন কৰা উচিত।’ দলটোৱে কয়।