২৪ বছৰে সৰু অন্ত:সত্ত্বা বান্ধৱীক বিয়া পাতি পিতৃত্বৰ পথত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী জনছন

Borris-johson-ith-girlfriend

বৰিছ জনছন আৰু কেৰি ছাইমণ্ডছ।

দীৰ্ঘদিনীয়া বান্ধৱী কেৰি ছাইমণ্ডছৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন।

জনছনতকৈ ২৪ বছৰে সৰু ৩১ বছৰীয়া কেৰি কেইমাহমান পূৰ্বে অন্ত:সত্ত্বা হৈছিল। ১০নং ডাউন ষ্ট্ৰীটত এতিয়া নৱজাতকক আদৰণি জনোৱাৰ বাবেও একেলগে প্ৰস্তুতি চলিছে।

দেওবাৰে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ চৰকাৰী বাসভৱন তথা মন্ত্ৰ্যালয়ৰ পৰা এই বাতৰি নিশ্চিত কৰিছে।

কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ৫৫ বছৰীয়া বৰিছ জনছন বৰ্তমান সময়ত এগৰাকী বিশ্বৰ জনপ্ৰিয় নেতা হোৱাৰ উপৰি তেওঁ ‘ব্ৰেক্সিট’ৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্যকৰী কৰিছিল।

আকৌ এবাৰ পিতৃত্বৰ গৌৰৱৰ অধিকাৰী হ’বলৈ আগবঢ়া জনছনৰ দ্বিতীয় পত্নীৰ চাৰিটা সন্তান আছে।

পূর্বে কনজাৰ্ভেটিভ পাৰ্টিৰ যোগাগাোগ মুৰব্বীৰ দায়িত্ব পালন কৰা কেৰিৰ সৈতে জনছনৰ প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। কিন্তু মাজতে তেওঁলোকৰ সম্পৰ্কত যতিও পৰিছিল।

জনছনৰ একাধিক পত্নী, সন্তানৰ সংসাৰত কেৰিৰ উপস্থিতি চকুত নপৰা হৈ পৰিছিল যদিও আঁৰে আঁৰে তেওঁ দলৰ কামকাজ কৰি গৈছিল।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰাই কেৰিক পুনৰ বৰিছ জনছনৰ ছাঁ হৈ ঘুৰা দেখা গৈছিল।

প্ৰচাৰৰ সময়ত বিভিন্নজনৰ মাজত বৰিছ-কেৰিক সকলোৱে প্ৰত্যক্ষ কৰিছিল। তেতিয়াই হয়তো তেওঁলোকৰ ম্লান হৈ পৰা প্ৰেমৰ জোৱাৰ পুনৰ প্ৰাণ পাই উঠে।

ইপিনে, বিয়াৰ পূৰ্বেই প্ৰধান মন্ত্ৰীৰ বাসভৱনৰ স্থায়ী বাসিন্দা হৈ পৰা প্ৰথম যুটী বৈ পৰিছিল কেৰি-বৰিছ। বিতৰ্কৰ চাকনৈয়াত দুয়ো হাবু-ডুবু খাবলগীয়াও হয়।

এতিয়া সমস্ত বাধা আঁতৰি দুয়ো আৰম্ভ কৰিবলৈ আগবাঢ়িছে এখন সুখৰ সংসাৰ!

কেৰিয়ে তেওঁৰ আসন্ন মাতৃত্বৰ কথা সদৰী কৰি ইনষ্টাগ্ৰামত আনকি প’ষ্টো দিছে।